Breaking

‘লকডাউন’এ বিধ্বস্ত কৰা ‘সাপ্তাহিক কাকত’ক দৈনিক কাকতৰ সমানুপাতে বিজ্ঞাপন প্ৰদানৰ দাবী

0 620

বিগত ২০২০ বৰ্ষৰ লকডাউনে ক্ষুদ্ৰ বাতৰি কাকত উদ্যোগক বিধ্বস্ত কৰাত সম্প্ৰতি ক্ষুদ্ৰ উদ্যোগটোক উদ্ধাৰ কৰাৰ স্বাৰ্থত সাপ্তাহিক কাকতসমূহক দৈনিক বাতৰি কাকতৰ সমানুপাতে বিজ্ঞাপন প্ৰদানৰ বাবে ৪ জুন শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাক লিখিত ভাৱে দাবী জনাইছে ‘ইণ্ডিয়ান ফেডাৰেচন অব্ স্মল এণ্ড মিডিয়াম নিউজ পেপাৰছ চমুকৈ ‘আই এফ এছ এম এনে’ | ৰাজ্যিক সভাপতি তথা সাপ্তাহিক ‘জাৰ্ণেলিষ্ট বাৰ্তা’ৰ সম্পাদক আৰু সম্পাদক প্ৰধান তথা সাপ্তাহিক ‘দাপোণ’ কাকতৰ সম্পাদক এম ছাইফ উদ্দিন আহমেদ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয় যে- বিগত বৰ্ষৰ কৰ’ণা অতিমাৰী আৰু লকডাউনৰ ফলত অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ আৰু উত্তৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত সমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে | বহুকেইখন সাপ্তাহিক কাকতে ইতিমধ্যে নিজৰ প্ৰকাশ বন্ধ কৰি দিয়াৰ ফলত ইয়াত নিয়োজিত সাংবাদিক আৰু সংবাদকৰ্মী সকলৰ বহুতেই কৰ্মসংস্থাপন হেৰুৱাই বৰ্তমান দিন হাজিৰা কৰি পৰিয়ালক পোহ-পাল দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে | সেয়েহে সমগ্ৰ মানৱ জাতিলৈ বিপদ কঢ়য়াই অনা কৰ’ণাৰ অতিমাৰিত বিধ্বস্ত হোৱা অসমৰ ক্ষুদ্ৰ বাতৰি কাকত উদ্যোগটো উদ্ধাৰৰ বাবে (১) দৈনিক কাকতৰ সমানুপাতে সাপ্তাহিক কাকত সমূহকো বিজ্ঞাপন প্ৰদানৰ ব্যৱস্থা কৰা, (২) সাপ্তাহিক কাকত সমূহক প্ৰদান কৰা প্ৰতিটো বিজ্ঞাপনৰ নিৰিখৰ পৰা Administrative Cost হিচাপে কৰ্তন কৰা ১৫ শতাংশকৈ ধন এতিয়াৰে পৰা কৰ্তন নকৰিবলৈ, (৩) সাপ্তাহিক কাকতৰ সম্পাদক সকলক বিধান সভাৰ অধিৱেশনৰ প্ৰেছগেলেৰীত প্ৰৱেশ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা, (৪) সাপ্তাহিক কাকতৰ বিলসমূহ সময়মতে আদায় দিয়াৰ লগতে (৫) Press Accreditation Committee ত বৰাক, ব্ৰহ্মপুত্ৰ আৰু উত্তৰ অসমক সামৰি সাপ্তাহিক কাকতৰ ৩জন প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰিবলৈ সংগঠনটোৱে দাবী জনায় |
ৰাজ্যৰ অভিজ্ঞ ৰাজনৈতিক তথা জনহিতৈষী মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক ‘লকডাউন’ৰ ফলতবিস্তৰ ক্ষতিৰ সন্মখীন হোৱা ৰাজ্যখনৰ সাপ্তাহিক কাকত সমূহৰ সমস্যা সমাধান কৰি সাপ্তাহিক কাকতসমূহক উদ্ধাৰ কৰিবলৈ আই এফ এছ এম এনৰ অসম ৰাজ্যিক সমিতিয়ে কৰযোৰে অনুৰোধ জনাইছে |

Leave A Reply