Breaking

দক্ষিণপাট গাওঁৰক্ষী বাহিনীৰ আদৰণিয় পদক্ষেপ

0 2,098

 দেশৰ বতমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে জাৰী কৰা নীতি -নিদ্দেশনা সমুহ কঠোৰ ভাৱে যাতে গাঁওবাসী ৰাইজে মানি চলে তাৰ উদ্দেশ্যে মাজুলীত গাঁওৰক্ষী বাহিনীয়ে এক আদৰণিয় পদক্ষেপ গ্ৰহণ কৰে ৷ মাজুলী কমলাবাৰী থানাৰ বনগাঁও আৰক্ষী চকী অন্তগত দক্ষিণপাট আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ কৰ্মী সকলে ক’ভিড নিয়ম নীতিৰ মাজেদি আজি পুৱা বাহিনীৰ এলেকাধীন-দক্ষিণ পাট দিঘলী গাওঁ, পুৰনি সত্ৰ , কলিতা গাওঁৰ প্ৰতিটো পৰিয়াল ঘৰে ঘৰে গৈ চৰকাৰী নীতি নিৰ্দেশনা সমূহ আখৰে আখৰে মানি চলিবলৈ গোহাৰি জনায় ৷ বাধ্যতামূলক ভাবে মাস্ক পৰিধান কৰা, শাৰিৰীক দূৰত্ব বজাই ৰখা, সঘনাই চাবোনৰে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক নিপিন্ধাকৈ অযথা ঘূৰি নুফুৰিবলৈ, বিয়লি ২ বজাৰ আগতে বজাৰ সমাৰ কৰি ঘৰলৈ ঘুৰি অহা, নৈশ সান্ধ্য আইন কালত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজা পৰ্যন্ত বাহিৰলৈ ওলাই নাযাবলৈ কৰ্মী সকলে ৰাইজৰ প্ৰতি অনুৰোধ জনাই ৷ ৰাইজৰ এনে দুৰ্যোগৰ সময়ত জন সজাগতা সৃষ্টি কৰা পদক্ষেপক সচেতন মহলে আদৰণি জনায় ৷ আজিৰ সজাগতা অভিযানত বাহিনীৰ আন আন সদস্য- সদস্যাৰ লগতে সভাপতি নৰেন্দ্ৰ নাথ দত্ত , উপ সভাপতি চিদাম বৰা,  সম্পাদক দিবাকৰ শইকীয়া, যুটীয়া  সহকাৰী সম্পাদক অবিনাশ কাকতি, নায়ক পিংকু দত্তই অংশ গ্ৰহণ কৰে ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ বাহিনী কৰ্মী সকলে  গাওঁসমূহৰ পৰিয়াল মাজত সজাগতা সৃষ্টি কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে ৷ 

Leave A Reply