পশ্চিমবংগত ১৫ বছৰীয়া তৃণমূল কংগ্ৰেছৰ শাসনৰ অৱসান ঘটিল৷ পৰিৱৰ্তনৰ ঢৌত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত বিজেপিৰ উত্থান ঘটিছে৷ বিজেপিয়ে ৰাজ্য খনত ২০০ ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পিছতেই এতিয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ কেইবাটাও নাম ইতিমধ্যে আগলৈ আহিছে৷এই পৰিপ্ৰেক্ষিতত জানিব পৰা গৈছে যে অহা ২৫ বৈশাখ অৰ্থাৎ জ্ঝ মে’ত ৰাজভৱনত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে৷ ইতিমধ্যে নিৰ্বাচন আয়োগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এছ যোশী ৰাজ্যখনত উপস্থিত হৈছে৷ কাইলৈ মঙলবাৰে বিধানসভাৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ’ব বুলি জানিব পৰা গৈছে৷ তাৰ পিছতেই বুধবাৰে নিৰ্বাচন আয়োগৰ গেজেট বিজ্ঞপ্তি প্ৰকাশৰ পাছত মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰাজভৱনলৈ যাব৷
তাতেই শপত গ্ৰহণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সূত্ৰে জানিবলৈ দিয়ে৷ ইপিনে, বঙ্গজয় নিশ্চিত হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যৰ সৈতে ফোনযোগে কথা পাতে৷ দুয়োজনৰ মাজত দীঘলীয়া আলোচনা হোৱা বুলি খবৰ পোৱা গৈছে৷ যদিও কথোপকথনৰ বিষয়বস্তু স্পষ্ট হোৱা নাই, তথাপি চৰকাৰ গঠনকে ধৰি গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়সমূহ লৈ আলোচনা হোৱা সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷ এই ফোনালাপৰ পাছতেই সকলো জয়ী বিধায়কৰ এক জৰুৰী বৈঠক আহ৩ান কৰা হৈছে৷ সেই বৈঠকতে বিধায়কৰ দলৰ নেতা কোন হ’ব সেয়া চূড়ান্ত কৰা হ’ব বুলি অনুমান কৰা হৈছে৷ আগন্তুক কেইদিনত ৰাজ্যখনৰ নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে৷ ইপিনে বংগত বিজেপিৰ বিশাল জয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে৷ ভাষণত মোদীয়ে কয় যে বংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছিল আৰু আজি সেয়া পাইছে৷

