Breaking

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কৰ তৎপৰতা…

0 1,042

পশ্চিম গুৱাহাটীৰ  অসম-মেঘালয় সীমান্তৰ গাতে লগা  নতুন ৰাণীৰ পৰা জালুকপাহামলৈ স্বাধীনতাৰ ৭৫  বছৰ  পাছত প্ৰথমবাৰৰ বাবে নির্মাণ হৈ আছে এটি নতুন পৰিৱেশ অনুকূল পথ। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত ‘প্রধানমন্ত্রী  গ্ৰামীণ  চড়ক যোজনা’ চমুকৈ পি এম জি এছ বাই আঁচনিৰ অধীনত নতুন বাণীৰ পৰা জালুক পাহামলৈ ১৯.৮৮  কৌটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ২৪.২  কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱা নির্মাণ সম্পূর্ণ হলে  অসম-মেঘালয় সীমান্তৰ এক বৃহৎ অঞ্চলৰ  – নৰলিং , আমৰিং , কণ্ঠমপাহাম , ডুমোপাহাম , ভালুকখোৱা , কায়ংপথাৰ , জালুকপাহাম  নতুনবস্তি , পুৰাণগাঁও ,  মাতাং আদিকে ধৰি মেঘালয় সীমান্তৰ প্ৰায় ২৫ খন গাঁৱৰ ৰাইজৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হব । ভাৰত চৰকাৰৰ  গ্ৰাম্য  উন্নয়ন মন্ত্রালয়ৰ অধীনৰ পুঁজিৰে অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ পশ্চিম গুৱাহাটী  ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা পথছোৱা মুঠ বহল হব ৬ মিটাৰ । ইয়াৰে ৩.৭৫ মিটাৰ অংশ  পৰিবেশ অনুকূল পেভাৰ  ব্লকৰে নিৰ্মাণ কৰা হব । পথ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ ( ৩ ) সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতিয়ে জানিবলৈ দিয়া মতে  পৰিবেশ অনুকূলভাবে নিৰ্মাণ কৰিবলগীয়া হোৱা আৰু বনাঞ্চলৰ  মাজৰ পাহাৰীয়া ঠাইৰ মাজেৰে যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰ সতে যুঁজি পথছোৱাৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব লগা হৈছে ।  বৰ্তমান  প্ৰায় ১২ কিঃমিঃ অংশৰ  পাহাৰৰ মাটি কটা কাম শেষ হৈছে । 

বিশেষকৈ পূৰ্বতে  মেঘালয় সীমান্তৰ দাঁতিয়েদি যোৱা দক্ষিণ ৰাণীৰ পৰা গণপতি, নৰ্লং, নাহৰপানী, আমলিং, নুমলিপথাৰ হৈ জালুকৰাহামলৈ যোৱা লুংলুঙিয়া   আৰু  খৰালিৰ দিনত কেৱল খোজকাঢ়ি যাব পৰা পথছোৱাক  লোকনির্মাণ  বিভাগৰ প্ৰাককলন  অনুসৰি ভৌগোলিক দুর্গমতা , হাতীকে  ধৰি বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ ভাবুকি স্বত্ত্বেও পৰিৱেশ অনুকূলভাৱে পথৰ  নির্মাণ কার্য অব্যাহত ৰাখিব লগা হৈছে । উল্লেখ্য গড়ভাংগা আৰু ৰাণী বনাঞ্চলকে ধৰি বৃহত্তৰ অঞ্চলটোৰ অসম-মেঘালয় সীমান্তত বাস কৰা পোন্ধৰখনৰো অধিক গাঁৱৰ ৰাইজে অঞ্চলটোক পথ যাতায়তৰে সংযোগ কৰিবলৈ বহু বছৰৰ পৰা স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক  দাবী জনাই আহিছিল।  অৱশেষত ৰাইজৰ দাবী  অনুসৰি বিধায়ক কলিতাই  বনাঞ্চলৰ মাজেৰে পথ নির্মাণত থকা কাৰিকৰী জটিলতা থাকিলেও মুখ্যমন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয়ৰ পৰা পথ নিৰ্মাণৰ বাবে সেউজ সংকেত আৰু অনুমতি আদায় কৰে ।  পথছোৱা প্রথম পর্যায়ত জালুকপাহামৰ মাটাংঙলৈ নিৰ্মাণ কৰা হব । আনহাতে  লখৰাৰ  সমীপৰ পৰা গড়ভাংগা, নতুন গড়ভাংগা, জালুকপাহামৰ মাতাংঙলৈ একেই আঁচনিৰ অধীনত  নিৰ্মাণ হৈ আছে আন  এটা পথ ।

আনহাতে ডুমোপাহাম অঞ্চলৰ উদীয়মান যুৱ সমাজকর্মী  উদ্ৰেণ ৰংপী  , নৰলং , ডুমোপাহাম আৰু কণ্ঠমপাহাম গাঁওৰ গাওঁবুঢ়া ক্ৰমে –  লোকেন কিলিং ,  চার্জন ইংতি , ৱানফৰ মাৰাকে   জানিবলৈ দিয়া মতে মাজে সময়ে মেঘালয় আৰক্ষীৰ লোক আহি মেঘালয়ৰ ভিতৰত পথ নিৰ্মাণ কৰা বুলি ঠিকাদাৰ –  শ্ৰমিকক বাধা প্ৰদান কৰে যদিও বিভাগে তাত গুৰুত্ব নিদি পথৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । ৰংপীৰ মতে   দুয়োটা পথৰ নিৰ্মাণ কার্য  সম্পূৰ্ণ হলে ৰাণীলৈ যান-বাহনেৰে পোনপটীয়া যাতায়ত সম্ভব হৈ উঠিব। নিশ্চিতভাৱে পথটো নির্মাণ হোৱাৰ পাছত নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ৰাজধানী গুৱাহাটীৰ গাতে লগা বৃহত্তৰ অঞ্চলটোত দেশী-বিদেশী পর্যটক , গৱেষকৰ আগমণ হোৱাটো নিশ্চিত। আনহাতে সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কলিতাই সদৰি কৰা অনুসৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰি লোকনির্মাণ পথ বিভাগৰ গুৱাহাটী মহানগৰ চক্ৰৰ অধীক্ষক অভিযন্তা হেমন্ত দেউৰী ভৰালী , পশ্চিম গুৱাহাটী পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীকে ধৰি বিভাগীয় অভিযন্তা সকলে মাজে সময়ে  আহি পথ নিৰ্মাণ কার্য পৰ্যবেক্ষণ কৰিছে ।

Leave A Reply