Breaking

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন

0 105

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন খন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দীপক চন্দ্ৰ বৰ্মনে ৷৮-৩০ বজাত ছহিদ তৰ্পণ  কৰে অম্বিকা চৰণ বৰ্মনে ৷ ৯ বজাত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক জ্যোতিষ বৰ্মনে ৷ মাল্যাৰ্পন কৰে উপদেষ্টা অক্ষয় বৰ্মনে ৷ ,পুৱা ১০ বজাত শিক্ষক প্ৰতিনিধি পঞ্জীয়ন কৰা হয় ৷, ১১ বজাত দীপক চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত আৰম্ভ হয় প্ৰতিনিধি সভা আৰু বিষয়বাচনি সভা ৷

প্ৰতিনিধি সভাৰ আৰম্ভনিতে ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ৰ একাংশ কন কন ছাত্ৰ ছাত্ৰীয়ে এটি সমবেট সংগীত পৰিৱেশন কৰে ৷ সভা খনত জিলা সমিতিৰ উপ সভাপতি ভূষণ শৰ্মা তত্বাবধায়ক হিচাবে উপস্হিত থাকে ৷ এই সভাত বিগত দুবছৰৰ হিচাব নিকাচৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক জয়ন্ত তালুকদাৰে ৷ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে পৰীক্ষক মহানন্দ দাসে ৷ সভাই সৰ্ব সন্মতি ক্ৰমে প্ৰতিবেদন দুখন গ্ৰহণ কৰে ৷  দিনৰ ১ বজাত আৰম্ভ হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমিন বৈশ্যই শিক্ষকৰ দায়িত্ব,কৰ্তব্য, শিকন কৌশল আদিৰ বিষয়ে বক্তব্য প্ৰদান কৰে ৷ সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন তালুকদাৰ, নলবাৰী জিলা সন্মিলনীৰ সভাপতি গৌৰী তালুকদাৰ, উপ সভাপতি নাজিমউদ্দিন আহমেদ, জিলা সন্মিলনীৰ প্ৰাক্তন সম্পাদক যতীন ৰাজবংশী, পূৱ নলবাৰী প্ৰাথমিক সন্মিলনীৰ সম্পাদক গিৰিশ হালৈ নিমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ 

এই সভাতে পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত পৰিসংখ্যা সহায়ক চৈতন্য গোস্বামীক আৰু শিক্ষা খণ্ডটোৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ  পৰা চলিত আৰু অহা মাহত শিক্ষকতাৰ সেৱাৰ পৰা অবসৰ গ্ৰহণ কৰিব লগা শিক্ষক কালিচৰণ ডেকা( প্ৰধান শিক্ষক, দক্ষিণ কৈঠালকুছি প্ৰা: বিদ্যালয়) ৷ আব্দুচ চাট্টাৰ(প্ৰধান শিক্ষক, মধুপুৰ মোক্তাৱ প্ৰা: বিদঁযালয়)৷ তৰুণ হালৈ( সহকাৰী শিক্ষক, বালিজাৰ প্ৰা: বিদ্যালয়)৷ আকবৰ আলী( প্ৰধান শিক্ষক, খাৰশিঠা প্ৰা:বিদ্যালয়)৷ সৰ্বেশ্বৰ বৰ্মন ( প্ৰধান, বনগাও মোক্তাব)৷ আচাৰ উদ্দিন আহমেদ(চুৰচুৰি বাটসৰ  মিলন বালিকা প্ৰা: বিদ্যালয়)৷ হিৰেন চক্ৰৱৰ্তী(প্ৰধান শিক্ষক, পকোঁৱা বাহজানী প্ৰা: বিদ্যালয়)৷ জগদীশ মহন্ত( সহকাৰী সম্পাদক, বগুৰিহাটী প্ৰা : বিদ্যালয়)৷ মাহবুবৰ ৰহমান(প্ৰধান শিক্ষক, উত্তৰ পানীগাওঁ গোপালথান প্ৰা: বিদ্যালয়)৷ উমেশ তালুকদাৰ,( প্ৰধান শিক্ষক, নতুন খেলুৱা প্ৰা: বিদ্যালয়)ক ফুলাম গামোছা আৰু মান পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় ৷ অধিৱেশনৰ প্ৰতিনিধি সভাই আগন্তুক দুবছৰৰ বাবে হৰিচৰণ তালুকদাৰক সভাপতি,  মনোজ ৰাজংশী,পৰিক্ষীত বৰ্মন,মহানন্দ দাস, চায়েৰা বেগমক উপ সভাপতি ,  জয়ন্ত তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে নতুন সমিতি খন গঠন কৰা হয় ৷

Leave A Reply