Breaking

পূৰৈ শাক কি ! পূৰৈ শাকৰ গুণাৱলীৰ বিষয়ে জানক…

0 43

এনিমিয়া প্ৰতিৰোধক -১০০গ্ৰাম পূৰৈ শাকত ১.২০মিলিগ্ৰাম লৌহপদাৰ্থ (আইৰণ) থাকে ৷ এয়া হ’ল শৰীৰৰ দৈনিক প্ৰয়োজনৰ ১৫শতাংশ ৷ ইয়াৰ ওপৰি পূৰৈ শাকত থকা ভিটমিন-চি এ পাকস্থলীত লৌহপদাৰ্থ আহৰণত (absorption ) সহায় কৰে ৷ কৰ্কট ৰোগৰপৰা সুৰক্ষা প্ৰদান – আমাৰ দেহত প্ৰবেশ কৰা বা ষ্ট্ৰেচৰ ফলত উৎপন্ন হোৱা অপকাৰী তত্ব হ’ল ‘ফ্ৰি ৰেডিকেল’৷ এই ফ্ৰি ৰেডিকেলে শৰীৰৰ স্বাভাবিক কোষৰ বিসংগতি ঘটায় আৰু এটা সময়ত বিসংগতিপূৰ্ণ কোষৰ অস্বাভাৱিক গতিত বৃদ্ধি হবলৈ ধৰে যাৰ ফলত কেন্সাৰ বা কৰ্কট ৰোগ উৎপন্ন হয় ৷ এন্টিঅক্সিডেন্টে ৰুগীয়া কোষক সুস্থ অৱস্থালৈ আনিবলৈ যতন লয় ৷ ফ্ৰি ৰেডিকেলৰ সৈতে যুঁজ কৰে আৰু কেন্সাৰ এইদৰে প্ৰতিৰোধ কৰে ৷ গতিকে কৰ্কট ৰোগ প্ৰতিৰোধ কৰা স্বাৰ্থত আমি পূৰৈ শাক খোৱা উচিত ৷ গৰ্ভৱতী মহিলাৰ বাৰে পৰম উপযোগী

— মাতৃৰ সুস্বাস্থ্য আৰু গৰ্ভস্থ সন্তানৰ সামগ্ৰিক বিকাশৰ বাবে পূৰৈ শাক পৰম লাগতিয়াল, দেহত বয়সৰ ছাপ পৰাত বাধা দিয়ে (Anti-ageing ) – ফ্ৰি ৰেডিকেলৰ প্ৰভাৱত ছাল সোতোৰা-সোতোৰ হয় আৰু দেহত বাৰ্ধক্যৰ ছাপ পৰিব ধৰে ৷ বিটা-কেৰটিন, জিয়া-জেনথিন, লিউটিন, ভিটামিন-এ, ভিটামিন-চি আদিৰ এন্টিঅক্সিডেন্ট গুণে ছালক ফ্ৰি ৰেডিকেলৰ পৰা সুৰক্ষা দিয়ে ৷ পাক প্ৰণালীৰ উপকাৰিতা – ফাইবাৰ থকা হেতুকে শৌচ খোলোচা হয় ৷ বিষাক্ত টক্সিন আতৰাই ক’লোনক (বৃহৎ আন্ত্ৰক) কেন্সাৰৰ পৰা সুৰক্ষা দিয়ে ৷ পূৰৈ শাকে খাদ্য হজম হোৱাতো সহায় কৰে ৷ ৰক্ত সঞ্চালন প্ৰণালীৰ সুৰক্ষা -ফাইবাৰৰ উপস্থিতিয়ে শৰীৰৰ অপকাৰী কলষ্টেৰ’ল বাঢ়িব নিদিয়ে ৷ পটেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে ৷ হাঁড়ৰ সুৰক্ষা – এই শাকত থকা কেলচিয়াম আৰু মেগনেচিয়ামে হাঁড় সুৰক্ষিত কৰি ৰাখে ৷ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ উন্নতি সাধন -ভিটামিন-চি আৰু বিভিন্ন এন্টিঅক্সিডেন্টে শৰীৰৰ ইমিউনিটি বঢ়ায় বুলি প্ৰমাণিত হৈছে ৷

কিডনিৰ সুৰক্ষাত কি দৰে সহায় কৰে–  পূৰৈ শাকে প্ৰসাব বৃদ্ধি কৰে (Diuretic action ) ৷ কিডনিত পাথৰ সৃ্ষ্টি প্ৰতিৰোধ কৰে ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ শৰীৰত পানী জমা হব নিদিয়ে ৷ কিডনি বিকল (Renal failure) হ’বলৈ নিদিয়ে ৷ চকুৰ উপকাৰিতা – ১০০গ্ৰাম পূৰৈ শাকত ৮০০০ইউনিট ভিটামিন-এ থাকে ৷ আমাৰ দৈনিক প্ৰয়োজনৰ ২৬৭শতাংশ ৷ আৰু থাকে ভিটামিন-চি৷ ফলত চকুৰ দূষ্টিশক্তি ভালে থাকে ৷ ডাইয়ুৰেটিক গুণৰ বাবে গ্লোকমাৰ পৰাও সুৰক্ষা পায় ৷ সানমিহলি উপকাৰিতা – শৰীৰক শক্তি প্ৰদায়ক, সুনিদ্ৰা অনাত সহায়ক, কাহ-কফত উপযোগী, জুয়ে পোৰা-ঘা-খহু-খজুৱতি আৰু কীট-পতংগৰ আক্ৰান্ত অংশত ইয়াৰ প্ৰলেপ সহায়ক ৷ মোখনিত ইমানেই কম অতি সহজলভ্য প্ৰকৃতিৰ এই অমূল্য দানক আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ইয়াক আদৰ কৰিলে আমাৰ দেহৰ পৰিপুষ্টি সাধন হব আৰু নিশ্চিতভাবে নিৰোগী জীৱন যাপনত সহায়ক হব ৷

লেখক: ডা° ভূপেন শইকীয়া

Leave A Reply