Breaking

বিমানৰ ভিতৰত প্ৰকৃততে কি ঘটে ! বৰ্ণনা কৰিলে বিমান পৰিচালকে…

0 42

বিশ্বত প্ৰতি দিনেই লাখৰ ঘৰত বিমান চলাচল হৈ আছে। প্ৰতিদিনে বিমানৰ ভিতৰত বহু কথাই ঘটে। তেনেবোৰ ঘটনাৰ সাক্ষী হৈ ৰয় বিমান পৰিচালক-পৰিচালিকাসকল। শেহতীয়াকৈ এজন বিমান সেৱকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মুখ্য এয়াৰলাইনৰ তেওঁৰ কেৰিয়াৰত ২৫ বছৰ ধৰি কৰা চাকৰি কালৰ অভিজ্ঞতা ৰাজহুৱা কৰিছে। বিমানত ঘটা কিছুমান “ঘৃণনীয়” কথা প্ৰকাশ কৰাৰ পিছত ইণ্টাৰনেটত তেওঁৰ কথাবোৰ ভাইৰেল হৈ পৰিছে।

নাম প্ৰকাশ নকৰা কৰ্মীগৰাকীয়ে কৈছে যে বিমানত তেওঁ উদ্ধাৰ কৰা সামগ্ৰীবোৰৰ ভিতৰত ব্যৱহাৰ কৰা কণ্ডোম, পেলাই দিয়া আণ্ডাৰৱেৰ (পুৰুষ আৰু মহিলা) আদিও আছিল। তেনে সামগ্ৰী প্ৰায়ে তেওঁ বিমানৰ ভিতৰত উদ্ধাৰ কৰাৰ কথাই বিমানত কি ঘটে সেই কথা উন্মোচন কৰিছে বুলি বহুতে মন্তব্য কৰিছে। তেনে সামগ্ৰী দেখি বহু যাত্ৰীয়ে লাজতে মুখ ঢাকিছিল।

বিমান সেৱকেগৰাকীয়ে লগতে কৈছে যে তেওঁ প্ৰতি সপ্তাহত শৌচাগাৰত ধূমপান কৰিবলৈ চেষ্টা কৰা লোকসকলক ধৰে পেলাইছিল। তেওঁ প্ৰতি ছমাহত সমস্যাৰ সৃষ্টি কৰা সুৰাপায়ী যাত্ৰীৰ মুখামুখী হ’বলগীয়া হৈছিল। তেওঁ কয় যে লাছ ভেগাছত বহু মাতাল লোকে বিমানত উঠিবলৈ চেষ্টা কৰে। বিমাীন সেৱকৰ চাকৰিৰ প্ৰত্যাহ্বানবোৰৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় “আপোনাৰ পত্নীৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব লাগিব। আপুনি অনুষ্ঠান, বন্ধৰ দিন আদি হেৰুৱাব লাগিব। যদি পৰিয়ালত সৰু ল’ৰা-ছোৱালী থাকে তেন্তে অলপ বেছিয়েই কষ্ট হয়” ।

Leave A Reply