Breaking

নতুন শিক্ষা নীতিক লৈ উদ্ভব হোৱা কেইটামান বিশেষ প্রশ্ন ?

0 1,300

চন্দন কুমাৰ নাথ

মোদী চৰকাৰে প্রায় ৩৪ বছৰ পিছত দেশত যি নতুন শিক্ষা নীতিৰ ঘোষণা কৰিছে তাকে লৈ এতিয়া বহুতৰে মাজত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ বা প্রশ্নৰ উদয় হৈছে। এইটো হয় যে কিছু সংখ্যক লোকে সমর্থন তথা এই নতুন শিক্ষা নীতিক লৈ সুখ প্রকাশ কৰিছে কিন্তু ইয়াৰ বিপৰীতে অধিকাংশ লোকৰ মনত এটা কথাই বাৰে বাৰে ক্রিয়া কৰি আছে যে প্রকৃততে এই নতুন শিক্ষা নীতি আমাৰ ল’ৰা-ছোৱালীসকলৰ বাবে ফলপ্রসূ হ’ব নে? স্বামী বিবেকানন্দ দেৱে এনে ধৰণৰ শিক্ষা বিচাৰিছিল য’ত ল’ৰা-ছোৱালীৰ সর্বাঙ্গীন বিকাশ সাধন হয় বা হ’ব পাৰে। কিন্তু এতিয়া আমাৰ মনত এটা প্রশ্ন আহে যে এই নতুন শিক্ষা নীতিৰ জড়িয়তে আমাৰ সমাজত বসবাস কৰা গৰীব, দুখীয়া বা নিম্ন শ্রেণীৰ লোকৰ সন্তানেও ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি হ’ব পাৰিব নে? কিয়নো এই বিশেষ বিষয়সমূহ পঢ়িবলৈ বহুত টকা পইচাৰ প্রয়োজন হয়। গতিকে নতুন শিক্ষা নীতিৰ ফলত সমাজত বসবাস কৰা সকলো দুখীয়া শ্রেণীৰ সন্তানে বিদ্যালয়ত গৈ শিক্ষা গ্রহণ কৰিব নে আধুনিক টেকনিকৰ দ্বাৰা পঢ়া শুনা কৰিব পাব বা পাৰিব? নে সমাজত থকা দুখীয়া শ্রেণীৰ সন্তানে দুখীয়াই হৈ ৰ’ব? আৰু ধনী শ্রেণীৰ লোকসকলৰ সন্তানে ধনীয়ে হৈ থাকিব? বিদেশৰ পৰা বিশ্ববিদ্যালয় ভাৰতত আহিবলৈ বাট মুকলি কৰি দিয়াৰ ফলত আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে সেইবিলাকৰ শৈক্ষিক মানদণ্ড বিকাশ হ’ব নে বেছি বেয়া অৱস্থালৈ গতি কৰিব? শেহতীয়াভাৱে পোৱা খৱৰ অনুসৰি অসমত ছাত্র-ছাত্রীৰ উত্তীর্ণৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত কিন্তু আসনৰ সংখ্যা কমি অহাটো পৰিলক্ষিত হৈছে, গতিকে এনে পৰিস্থিতিত কেনেকৈ বিজ্ঞান আৰু বাণিজ্যৰ লগত ক’লা শাখাৰ সংযোজন সম্ভব? চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পূর্বৰ পৰাই অধ্যাপক আৰু আধুনিক শিক্ষা সাধনৰ যি অভাৱ দেখা দিছিল তাক এই নতুন শিক্ষা নীতিৰ জড়িয়তে পূৰাবলৈ সক্ষম হব নে? চৰকাৰী খন্ডৰ শিক্ষানুষ্ঠান সমূহক গুৰুত্ব প্ৰদান নকৰি, ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান সমূহক নিজৰ নিজৰ শিক্ষাৰ নামত যি ধৰণৰ এক ক’লা ব্যবসায় চলাই গৈ আছে তাক আৰু অধিক মজবুত কৰি গঢ়ি  তুলিবলৈ আৰু অধিক সুবিধা বা সুযোগ প্রদান কৰিব? জাতিগত ভেদাভেদ এই নতুন শিক্ষা নীতিৰ ৰাস্তাত কোনো ধৰণৰ বাধাৰ বা সমস্যাৰ সৃষ্টি কৰিব নেকি? এনে ধৰণৰ বহুকেইটা প্রশ্ন এতিয়া আমাৰ মনলৈ জাগ্রত হয় আৰু হোৱাটো স্বাভাবিক কিয়নো এই নতুন শিক্ষা নীতিৰ জড়িয়তে ধনাত্মক দিশতকৈ  ঋণাত্মক দিশহে বেছি দেখা পোৱা গৈছে। 

Leave A Reply