Breaking

ৰাজ্যৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ সন্দৰ্ভত কি কলে শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুয়ে

0 161

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ পৰা ভাৰ্চুৱেলি গৰীৱ কল্ল্যান যোজনাৰ অন্তৰ্গত আচনি সমূহৰ বাবে হিতাধিকাৰী সকলৰ লগত মত বিনিময় কৰে । দেশৰ বিভিন্নখন ৰাজ্যৰ লগতে অসমতো ঐতিহাসিক শিৱসাগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্ল্যাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মতবিনিময় আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ১০ কৌটিৰো অধিক কৃষকলৈ ২১০০০ কৌটি টকাৰ ১১ তম কিস্তি হস্তান্তৰকৰণ কৰাৰ বাবে বৃহৎ ৰাজহুৱা সভা আয়োজন কৰা হয় ।

এই সভাখন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই ঐতিহাসিক সভাখন নলবাৰী চহৰস্থিত নাট্য মন্দিৰতো প্ৰদৰ্শন কৰা হয় ।

বিশিষ্ট শিক্ষাবিদ সঞ্জীৱ গোস্বামীয়ে আত ধৰা সভাখনত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু,নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ জয়ন্ত মল্ল বৰুৱা,জিলা উপায়ুক্ত গীতিমনি ফুকন,জিলা পৰিষদৰ সভাপতি নিতুল ডেকাকে প্ৰমুখ্য কৰি বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ । সকলো গৰীৱ কল্ল্যানৰ বাবে লোৱা কেইবা খনো আচনিভুক্ত এইখন এক ঐতিহাসিক সভা বুলি শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই মত প্ৰকাশ কৰে ।

লগতে টেট শিক্ষকৰ ক্ষেত্ৰত কোনো জটিলতা নাই বুলি উল্লেখ কৰে লগতে অনাগত সময়ত যদি বিভিন্ন বিদ্যালয়ৰ পদ সমূহ মুকলি হয় তেন্তে পদ সমূহ পৰ্যায় ক্ৰমে মুকলি কৰি দিম বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ।

Leave A Reply