Breaking

ছোৱালীৰ বিয়াৰ বয়স ২১ বছৰ বিচৰা আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

0 239

অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত পুৰুষ আৰু মহিলা দুয়োৰে বিবাহৰ বয়স ২১ বছৰ হ’ব লাগে বুলি বিচাৰি এখন আবেদন দাখিল কৰিছিল। ন্যায়াধীশসকলে গোচৰটো শুনিবলৈ অস্বীকাৰ কৰি খাৰিজ কৰিছে। আদালতৰ মতে সংসদে এই বিষয়টো বিবেচনা কৰিব। উচ্চতম ন্যায়ালয়ে ইয়াত মূৰ নঘমায়৷

দেশত প্ৰচলিত বিবাহ আইন অনুসৰি, ছোৱালীৰ বিয়াৰ নিম্নতম আইনী বয়স হৈছে ১৮ বছৰ। ল’ৰাৰ ক্ষেত্ৰত এয়া ২১বছৰ। অৱশ্যে, ২০২১ চনত কেন্দ্ৰই সংসদত এখন বিধেয়ক আনিছিল। বিবাহযোগ্য হ’বলৈ ছোৱালীৰ বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। বিধেয়কখন সংসদীয় স্থায়ী সমিতিলৈও প্ৰেৰণ কৰা হৈছিল। বিষয়টো বৰ্তমান তাতেই ওলমি আছে।

ইয়াৰ মাজতে অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত ছোৱালীৰ বিবাহযোগ্য বয়স ২১বছৰলৈ বৃদ্ধি কৰিবলৈ আবেদন দাখিল কৰে। তেনে ক্ষেত্ৰত, ল’ৰা আৰু ছোৱালী দুয়োৰে বিবাহযোগ্য বয়স সমান হ’ব। শীৰ্ষ ন্যায়ালয়ে অৱশ্যে কয় যে আইন সলনি কৰাৰ বিষয়টো সংসদৰ ওপৰত এৰি দিয়া উচিত। তেওঁলোকৰ আইন অনাৰ ক্ষমতা আছে। এইদৰে কৈ আদালতে গোচৰটো খাৰিজ কৰে।

উল্লেখ্য যে শেষবাৰৰ বাবে ১৯৭৮ চনত বিবাহৰ বয়সৰ আইন সংশোধন কৰা হৈছিল। সেই সময়ত ছোৱালীৰ বিবাহৰ নিম্নতম আইনী বয়স আছিল ১৮ বছৰ। আনহাতে, এজন পুৰুষৰ বাবে বিবাহৰ নিম্নতম বয়স ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছে। বহুতে অনুভৱ কৰে যে বৰ্তমানৰ আৰ্থ-সামাজিক গাঁথনিত সেই নিয়ম সলনি কৰাটো প্ৰয়োজনীয়।

Leave A Reply