Breaking

“কি ভাবিছিলে, মই ঘূৰি নাহিম, ভয় খাম… ভয় খোৱাৰ সময় এতিয়া আন কাৰোবাৰ” নতুন ৰুপত দেখিবলৈ পাব ৰিয়া চক্ৰৱৰ্তীক…

0 124

“কি ভাবিছিলে, মই ঘূৰি নাহিম, ভয় খাম… ভয় খোৱাৰ সময় এতিয়া আন কাৰোবাৰ।” নতুন ৰুপত দেখিবলৈ পাব ৰিয়া চক্ৰৱৰ্তীক…। অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ নতুন শ্ব’ ‘ৰ’ডিজ ছিজন ১৬’ৰ প্ৰ’ম’ সোমবাৰে মুকলি কৰা হয়। এই ভিডিঅ’টো মুক্তি পোৱাৰ পাছত সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকা সিঙক টাৰ্গেট কৰি লৈছে ৰিয়াই।তিনি বছৰৰ পাছত এমটিভিৰ ৰিয়েলিটি শ্ব’ ‘ৰ’ডিজ’ৰ যোগেদি পুনৰ ঘূৰি আহিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। সোমবাৰে মুকলি কৰা হয় ৰিয়াৰ অনুষ্ঠানৰ প্ৰমো ভিডিঅ’। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰতো ৰিয়া চক্ৰৱৰ্তী অভিযুক্ত হিচাপে পৰিচিত হৈছিল। অভিনেতাজনৰ পৰিয়ালে ৰিয়াৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। মৃত্যুৰ সময়ত সুশান্তই ৰিয়াৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল।

চেনেলটোৱে মুকলি কৰা প্ৰ’ম’ত ৰিয়াক শক্তিশালী ৰূপত দেখা গৈছে। ৰিয়াই কেমেৰাৰ সন্মুখত কয়, “আপুনি কি ভাবে, মই ঘূৰি নাহিম, ভয় খাম… এতিয়া ভয় খোৱাৰ পাল আন কাৰোবাৰ। একে সময়তে এই ভিডিঅ’টো মুক্তি পোৱাৰ পাছত সুশান্তৰ ভগ্নী প্ৰিয়ংকাই ৰিয়া চক্ৰৱৰ্তীক লক্ষ্য কৰি হিন্দীত আপত্তিজনক শব্দ ব্যৱহাৰ কৰি টুইট কৰিছে। তেওঁ লিখিছে, “আপুনি কিয় ভয় খাব? আপুনি বেশ্যা আছিল, আছে আৰু থাকিব! প্ৰশ্নটো হ’ল, আপোনাৰ গ্ৰাহক কোন?” সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছ গোচৰত ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল ৰিয়াক। মুম্বাইৰ বাইকুলা কাৰাগাৰত এমাহ কটোৱাৰ পিছত ২০২০ চনৰ অক্টোবৰ মাহত জামিনত মুকলি কৰি দিয়া হৈছিল ৰিয়াক। তিনি বছৰৰ অন্তত কৰ্ম মাজলৈ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী।

Leave A Reply