Breaking

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি !

0 2,082

বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধুপগুৰিত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফ দলৰ এখন সভাত “শংকৰদেৱ জিন্দাবাদ” আৰু “শংকৰদেৱ চাহাব” বুলি ধ্বনি দিয়া কাৰ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷

মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- “অশুভ শক্তিৰ বিৰুদ্ধে বিজেপিয়ে সদায় মাত মাতি আহিছে ৷ জাতি-ভেটি-মাটিৰ সুৰক্ষাৰ বাবে বিজেপি চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰা, বিশ্ব দৰবাৰত অসমীয়া কৃষ্টি-সংস্কৃতি প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি৷ গুৰুজনাৰ জন্মভূমিলৈ আহি ৰাজ্যৰ এজন জনপ্ৰতিনিধি আৰু এটা দলৰ মুৰব্বীয়ে যেতিয়া এনেদৰে শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়ে, তেতিয়াই বুজিব পাৰি অসম কিমান সুৰক্ষিত তেওঁলোকৰ হাতত ৷ আচলতে গুৰুজনাক ভালদৰে নজনাকৈ, গুৰুজনাৰ সৃষ্টি আৰু কৰ্মৰাজিক অধ্যয়ন নকৰাকৈ তেওঁলোকে কিদৰে অসমক সুৰক্ষা দিব তাক সহজেই অনুমান কৰিব পাৰি ৷

বিধায়িকাগৰাকীয়ে লগতে কয় যে, “ড০ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা সভ্যতাৰ যুঁজ এইখনেই৷ আমাৰ সভ্যতাই কেতিয়াও শংকৰদেৱ জিন্দাবাদ ধ্বনি দি পোৱাই নাই৷ আমি সদায় “জয় গুৰু শংকৰ” বুলি জয়ধ্বনি দিওঁ৷ বিধায়কাগৰাকীয়ে আৰু কয় যে বিধানসভা এনেকুৱা এডোখৰ ঠাই য’ত নেকি অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিকে ধৰি বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে এইবোৰ উত্থাপন কৰা হয়৷ গতিকে গুৰুজনাক ভালদৰে চিনি নোপোৱা এই ধৰণৰ এজন মুৰব্বীয়ে পঠিওৱা সদস্য যেতিয়া বিধানসভালৈ যাব, তেতিয়া অসমখন কোনফালে গতি কৰিব বা অসমৰ সংস্কৃতি কোন দিশে ধাবৱান হ’ব সেয়া সহজেই বুজিব পাৰি৷”

শংকৰদেৱ জিন্দাবাদ ধ্বনিয়ে অসমীয়া জাতি সত্ত্বাক আৰু গুৰুজনাক অপমান কৰিছে বুলি উল্লেখ কৰি বিধায়িকাগৰাকীয়ে অনতিপলমে ৰাজ্যবাসীৰ ওচৰত এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়। এনে ধৰণৰ মন্তব্যই অসমত পৰৱৰ্তী সময়ত অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহনা যোগাব বুলি কয় আঙুৰলতা ডেকাই ৷

Leave A Reply