Breaking

কংগ্ৰেছ দলৰ পৰা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ সাংসদ গৌৰৱ গগৈয়ে কি ক’লে?

0 73

লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে দলৰ নেতা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেওবাৰে মণিপুৰৰ থৌবালৰ পৰা কংগ্ৰেছে ‘ভাৰত যোগো ন্যায় যাত্ৰা’আৰম্ভ কৰে।

মণিপুৰত মিলিন্দ দেওৰাৰ কংগ্ৰেছৰ পৰা পদত্যাগ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয়, “আমি মণিপুৰলৈ আহিছো আৰু ইয়াৰ ৰাইজে আমাক আদৰণি জনাইছে কাৰণ কেৱল কংগ্ৰেছ আৰু INDIA মিত্ৰজোঁটেহে মণিপুৰৰ সমস্যাৰ কথা কয়। এই সময়ত যদি মিলিন্দ দেওৰা জী ইয়াত নাই তেন্তে সেয়া তেওঁৰ ক্ষতি…”।

১৪ জানুৱাৰী, দেওবাৰে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে মিলিন্দ দেওৰাই। মাইক্ৰ’ব্লগিং চাইট এক্সত মিলিন্দ দেওৰাই লিখে, “আজি মোৰ ৰাজনৈতিক যাত্ৰাৰ এক উল্লেখযোগ্য অধ্যায়ৰ সামৰণি পৰে । INCIndia দলৰ সৈতে মোৰ পৰিয়ালৰ ৫৫ বছৰীয়া সম্পৰ্কৰ অন্ত পেলালোঁ। বছৰ বছৰ ধৰি আগবঢ়োৱা অদম্য সমৰ্থনৰ বাবে সকলো নেতা, সহকৰ্মী আৰু কৰ্মকৰ্তাৰ প্ৰতি মই কৃতজ্ঞ’।

উল্লেখ্য যে কংগ্ৰেছ ত্যাগ কৰি শিৱসেনাত যোগদান কৰিলে মিলিন্দ দেওৰাই।

Leave A Reply