Breaking

প্ৰকৃততে কি হৈছে অভিনেতা ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ৰ?

0 252

২জুনত মুক্তি নাপায় বুলি ন্যায়ালয়ৰ বাধাৰ পাছত অভিনেতা ৰবি শৰ্মাৰ বহু প্ৰতীক্ষিত কথাছবি ” শ্ৰী ৰঘুপতি” ৰ মুক্তি ২জুনতেই হ’ব বুলি সংবাদ মেলত সদৰি কৰে ৰবি শৰ্মাৰ লগতে প্ৰযোজক শৈলেন শৰ্মাই।

ধৃতিমান শৰ্মাৰ অভিযোগ অনুসৰি, ছবিখনৰ স্বত্ব ৰবি শৰ্মাই ২০১৯ বৰ্ষত বিক্ৰি কৰিছিল ধৃতিমান শৰ্মাক। তেওঁলোকে ছবিখনৰ শ্বুটিং আৰম্ভ কৰি যথেষ্ট খিনি আগবঢ়াই নিয়াৰ সময়তেই মহামাৰী কৰোনাৰ বাবে দৃশ্য গ্ৰহন বন্ধ ৰখা হয়।

আশ্চৰ্যজনক ভাবে ৰবি শৰ্মাই ৰঘুপতি ছবিখনৰ স্বত্ব পুনৰ বিক্ৰি কৰে শৈলেন শৰ্মাক। ধৃতিমান শৰ্মাই অভিযোগ কৰামতে এই বিষয়ে ঘুনাক্ষৰেও জনোৱা নাছিল ধৃতিমান শৰ্মাক।

তেওঁৰ ছবিখনৰ সংগীত মুক্তি দিয়াৰ পিছত অবগত হৈ শৈলেন শৰ্মাৰ সৈতে যোগাযোগ কৰে যদিও তেওঁ অভব্য আচৰণ কৰে বুলি ধৃতিমান শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে ৰবি শৰ্মাৰ সৈতে যোগাযোগ কৰে যদিও ৰবি শৰ্মাই ৰহস্যজনক ভাবে নিৰাপদ দুৰত্বত অবস্হান গ্ৰহন কৰে বুলি ধৃতিমান শৰ্মাই জানিবলৈ দিয়ে।

ৰবি শৰ্মাই একেখন ছবি কি কাৰণত দুগৰাকী ব্যক্তিক বিক্ৰি কৰিবলগীয়া হ’ল সেয়া ৰহস্যজনক। অবশেষত ধৃতিমান শৰ্মাই কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ আদালতৰ দ্বাৰস্থ হোৱাত আদালতে ছবিখনৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰে।

Leave A Reply