হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…

বৰ্তমান চৰ্চাত আপৰ নেতা ৰাঘৱ চাড্ডা! সন্মুখত লোকসভা নিৰ্বাচন, এফালে আম আদমি দলৰ বহুকেইজন নেতাই দিন কটাইছে জেলত। তাৰ মাজতে চৰ্চাত আপৰ নেতা তথা সাংসদ ৰাঘৱ চাড্ডা। আনহাতে পত্নী পৰিনীতি চোপ্ৰা ব্যস্ত নতুন ছবি চামকিলাৰ প্ৰচাৰত। চকুৰ এক জটিল ৰোগত আক্ৰান্ত ৰাঘৱ চাড্ডা। তেওঁ ৰেটিনাৰ ৰোগত আক্ৰান্ত হৈছে। যাৰ বাবে ৰেটিনাত সৰু সৰু ফুটা গঠন হ’বলৈ আৰম্ভ কৰে। এই ৰোগৰ বাবে চকুৰ দৃষ্টিশক্তিও হেৰুৱাৰ পাৰে।

এই ৰোগৰ বাবে ৰাঘৱ চাড্ডাই চকুৰ অস্ত্ৰোপচাৰ কৰে লণ্ডনত। বৰ্তমান তেওঁ লণ্ডণত আছে, চকুৰ অৱস্থা অতি গুৰুতৰ আছিল আৰু ইয়াৰ বাবেই তেওঁ নিৰ্বাচনৰ পৰা আঁতৰি আছে। আনহাতে পত্নী পৰিনীতি চোপ্ৰাই অতি সোনকালে ছবিৰ প্ৰচাৰ সামৰি স্বামীৰ ওচৰলৈ লণ্ডনলৈ ৰাওনা হ’ব। বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই। ৰাঘৱ চাড্ডাৰ চকুৰ অস্ত্ৰোপচাৰ লণ্ডনত কৰা হয়। বৰ্তমান তেওঁ সম্পূৰ্ণ বেড ৰেষ্টত আছে। কিন্তু তেওঁৰ স্বাস্থ্য ইতিমধ্যে ঠিকেই আছে। মাৰ্চ মাহত তেওঁ অস্ত্ৰোপচাৰ কৰিবলৈ গৈছিল লণ্ডনলৈ।

ৰাঘৱ চাধা আৰু পৰিনীতি চোপ্ৰাৰ বিবাহৰ কথা কওঁতে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত উদয়পুৰত দুয়োজনে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিয়াত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীও উপস্থিত থাকে।

Related Articles