Breaking

স্মাৰ্টফোনৰ তলৰ এই সৰু ফুটাটোৰ কাম কি? ৯৯% মানুহে নাজানে

0 87

নতুন স্মাৰ্টফোন এটা পোৱাৰ লগে লগে আমি অনুসন্ধান কৰিবলৈ আৰম্ভ কৰো। স্মাৰ্টফোনত কিমান কি কৰিব পাৰি- এটা এটাকৈ সকলোবোৰ আৱিষ্কাৰ কৰাৰ মজাই বেলেগ।

স্মাৰ্টফোনৰ কাম-কাজ আৱিষ্কাৰ কৰা, ইণ্টাৰনেট ব্ৰাউজ কৰাৰ উপৰিও ফোনটোৰ ভিতৰত কি আছে আৰু ইয়াৰ উপকাৰিতাসমুহ চোৱাটোও ৰোমাঞ্চকৰ।

কিন্তু স্মাৰ্টফোনটোৰ একেবাৰে তলত এটা সৰু ফুটা থাকে, য’ত হেডফোনৰ জেকটো সোমাই নাযায়, শব্দও ওলাই নাহে। এই সৰু লিকটোৰ কাম কি?

স্মাৰ্টফোনত এই সৰু ফুটাটো চাৰ্জিং পৰ্টৰ প্ৰায় সমান্তৰালভাৱে থাকে। আমাৰ বহুতৰে হয়তো এই বিষয়ে প্ৰশ্ন আছে। কিন্তু শুদ্ধ উত্তৰহে নাই।

আজি সেই প্ৰশ্নৰ উত্তৰ জানো আহকঃ

স্মাৰ্টফোনটোৰ একেবাৰে তলত, চাৰ্জিং প’ৰ্টৰ এটাৰ কাষত থকা সৰু ফুটাটো আচলতে এটা ‘ন’ইজ বাতিল কৰা মাইক্ৰ’ফোন’। হয়, সেইটোৱেই মাইক্ৰ’ফোন যিটো কথা কওঁতে সক্ৰিয় হয়।

এই মাইক্ৰ’ফোনটোৱে কেনেকৈ কাম কৰে?

আমি যেতিয়াই কাৰোবাক ফোন কৰিবলৈ আৰম্ভ কৰো তেতিয়াই এই মাইক্ৰ’ফোনটো সক্ৰিয় হৈ পৰে ই সক্ৰিয় হোৱাৰ পিছত যিকোনো অংশৰ পৰাই ক’ব পাৰি। ফোনটোৰ পৰা মুখখন অলপ আঁতৰাই দিলেও মাতটো স্পষ্টকৈ শুনা যায়।

আচলতে আমি হয়তো এনে এখন ঠাইত আছো য’ত ফোন কৰোতে চাৰিওফালে বহুত কোলাহল হয়। সেই সময়ত কাৰোবাক জৰুৰীকালীন ফোন কৰিব লগা হ’লে সমস্যা হ’ব৷ কিন্তু এই সৰু ফুটাটোৱে সেই সমস্যাটো বহু পৰিমাণে দূৰ কৰিব পাৰে।

এই ফুটাটো সদায় স্মাৰ্টফোনৰ তলৰ ফালে, চাৰ্জিং পৰ্টৰ সমান্তৰালভাৱে দিয়া হয়। তেনে ক্ষেত্ৰত এই যন্ত্ৰটোৱে কথা কওঁতে বাহিৰৰ শব্দটো বহুত কাটি বিপৰীত ফালৰ ব্যক্তিজনৰ কাণত উপনীত হয়। ফলত আমাৰ কথা-বতৰা চলি থাকে।

Leave A Reply