Breaking

ভাৰতৰ আটাইতকৈ সুখী ৰাজ্য খনৰ নাম কি? সুখৰ মূল উৎস কি…

0 83

ভাৰতৰ আটাইতকৈ সুখী ৰাজ্য খনৰ নাম কি? এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। এই প্ৰতিবেদনত কোৱা হৈছে যে মিজোৰামৰ সামাজিক গাঁথনিয়ে যুৱক-যুৱতীসকলৰ সুখত অৰিহণা যোগায়। মিজোৰামৰ যুৱক-যুৱতীৰ মাজত কোনো বৈষম্য নাই, কোনো কাৰো ওপৰত নিৰ্ভৰশীলও নহয়। এক অধ্যয়নৰ মতে মিজোৰামক আটাইতকৈ সুখী ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই অধ্যয়ন গুৰুগ্ৰামৰ মেনেজমেণ্ট ডেভেলপমেণ্ট ইনষ্টিটিউটৰ কৌশলৰ অধ্যাপক ৰাজেশ কে পিলানিয়াই কৰিছে। এই প্ৰতিবেদনত ৬টা পৰিমাপৰ ভিত্তিত মিজোৰামক সুখী ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত পাৰিবাৰিক সম্পৰ্ক, কৰ্ম-সম্পৰ্কীয় বিষয়, সামাজিক বিষয়, ধৰ্ম, সুখৰ ওপৰত ক’ভিড-১৯ৰ প্ৰভাৱ, শাৰীৰিক আৰু মানসিক স্বাস্থ্য আদি।

এই প্ৰতিবেদনত কোৱা হৈছে যে মিজোৰাম ভাৰতৰ দ্বিতীয়খন ৰাজ্য য’ত সাক্ষৰতাৰ হাৰ ১০০ শতাংশ। অধ্যাপক ৰাজেশ কে পিলানিয়াৰ প্ৰতিবেদনত লিখা আছে যে মিজোৰামৰ সামাজিক গাঁথনি এনেকুৱা যে ই যুৱক-যুৱতীসকলৰ সুখত অৰিহণা যোগায়। ব্যক্তিগত বিদ্যালয় এবেন-আজাৰ বৰ্ডিং স্কুলৰ শিক্ষয়িত্ৰী ভগ্নী লালৰিণমাৱী খিয়াংটে কয়, ‘ইয়াত পঢ়াৰ বাবে পৰিয়ালৰ হেঁচা খুব কম। ল’ৰা-ছোৱালীৰ মাজত কোনো বৈষম্য নাই, কোনো কাৰো ওপৰত নিৰ্ভৰশীল নহয়।

Leave A Reply