Breaking

ৰণবীৰ কাপুৰৰ গ্ল’য়িং ছালৰ আঁৰৰ ৰহস্য কি? যিটো আলিয়া ভাটেও নাজানে…

0 100

শেহতীয়াকৈ ৰণবীৰ কাপুৰে তেওঁৰ গ্ল’য়িং ছালৰ বিশেষ টিপছ শ্বেয়াৰ কৰিছে। তেওঁ লগতে কয় যে আলিয়াই তেওঁক কেনেকৈ জোৰ কৰি যোগাসন কৰাই। শেহতীয়াকৈ ৰণবীৰ কাপুৰে ছালৰ যত্নৰ কিতাপ উন্মোচনী অনুষ্ঠানত অংশ লৈছিল আৰু উক্ত অনুষ্ঠানটোত তেওঁৰ মাতৃ নীতু কাপুৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল। এই সময়ছোৱাত ৰণবীৰ কাপুৰক অতি আকৰ্ষণীয় দেখা গৈছিল। এই অনুষ্ঠানত ৰণবীৰ কাপুৰেও নিজৰ ছাল সুৰক্ষিত কৰাৰ বাবে কিছু ঘৰুৱা ঔষধৰ বিষয়েও ব্যক্ত কৰে আৰু ছালখনক ৰ’দৰ পৰা ছাল খনক কিদৰে ৰক্ষা কৰে ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সময়ত ৰণবীৰে তেওঁৰ ছালৰ যত্নৰ ৰুটিনৰ বিষয়ে শ্বেয়াৰ কৰি কয় যে তেওঁ টেনিংৰ পৰা হাত সাৰিবলৈ মুখখন বৰফৰ পানীত ডুবাই ৰাখে। আলিয়াৰ পৰা পোৱা পৰামৰ্শ মনত পেলাই ৰণবীৰে কয় যে আলিয়াই তেওঁক ছালৰ বাবে দৈনিক যোগাসন কৰোৱাই।ৰণবীৰে ক’লে, ‘আজিকালি আলিয়াই মোক যোগাসন কৰিবলৈ বহুত প্ৰেৰণা দিয়ে। আলিয়াই মোক কয় যে যোগাসনে মুখখন স্বচ্ছ কৰি তোলে।

বছৰৰ আৰম্ভণিতে মুক্তি লাভ কৰিছে ৰণবীৰৰ ছবি ‘তু ঝুঠি মই মক্কাৰ’। পাৰিবাৰিক মনোৰঞ্জক, এই ছবিখনে ৰাইজৰ পৰা বহুত মৰম পালে। এতিয়া ৰণবীৰে তেওঁৰ আগন্তুক ছবি এনিমেলৰ শ্বুটিং কৰি আছে। পৰিয়ালৰ বাবে শ্বুটিংৰ পৰা বিৰতি লৈছে। অৱশ্যে এনিমেলৰ চেটৰ বহু ছবিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চলিত বৰ্ষৰ ১১ আগষ্টত মুক্তি পাব এই ছবিখনে। য’ত ৰণবীৰৰ উপৰিও অনিল কাপুৰ, ববি দেওল, আৰু তৃপ্তী ডিমৰীৰ দৰে তাৰকাকো মূল চৰিত্ৰত অভিনয় কৰা দেখা যাব।

Leave A Reply