Breaking

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী ৰাইজৰ

0 1,527

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈ ভলীবলৰ বাহিৰে অইন চিন্তা নাই জয়ন্তৰ। প্ৰতিদিনে ভলীবলৰ নতুনত্ব বিচাৰি ফুৰা জয়ন্তৰ ঘৰ বৰপেটা জিলাৰ বামুনকুছি গাওঁত। ১৯৭৮ ত জন্ম গ্ৰহন কৰা জয়ন্তৰ দেউতাকৰ নাম গোলোক শৰ্মা আৰু মাকৰ নাম ডালিমী দেৱী। আন্তঃ জিলা ছাব-জুনিয়ৰত জয়ন্তই বজালী জিলাক প্ৰতিনিধিত্ব কৰি চেম্পিয়ন হোৱাৰ লগতে জুনিয়ৰ আন্তঃ জিলাত দুবাৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। ২০০০ চনত পাঠশালাত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত শ্ৰেষ্ট খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় জয়ন্তই। ইয়াৰ সুবাদতে একে বছৰতে গুৰগাওঁত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত তেওঁ পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰে। পঞ্চম সংখ্যক বৰপেটাত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ আৰু নৰ্থইষ্ট জোন, ৰাইপুৰত অনুষ্ঠিত হৈ যোৱা ৫৫ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতা, ডুলিয়াজানত অনুষ্ঠিত হোৱা ১৩ সংখ্যক নেচনেল ভলীবল লীগ প্ৰতিযোগিতা, বিশাখাপট্টমত অনুষ্ঠিত হৈ যোৱা ৫৭ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতা, গোৱালিৱৰত অনুষ্ঠিত হৈ যোৱা ৫৮ সংখ্যক চিনিয়ৰ ভলীবল প্ৰতিযোগিতা, চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৫৯ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত জয়ন্তই অংশ গ্ৰহন কৰাৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ উপৰিও প্ৰথম নৰ্থইষ্ট জোন ভলীবল প্ৰতিযোগিতাত জয়ন্তৰ অসম দলে বিজয়ীৰ খিতাপ অৰ্জন কৰে। লগতে ২০০১ চনৰ পৰা ২০০৭ চনলৈ ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ হৈ জয়ন্তই অংশ গ্ৰহন কৰে। তেওঁ লগ পোৱা ভলীবলৰ প্ৰশিক্ষক গনেশ শৰ্মা, প্ৰেমা শৰ্মা, গুণীন গগৈৰ উপৰিও আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰশিক্ষক চন্দ্ৰ সিং আৰু পি চি পাণ্ডিয়ানৰ আন্তৰিকতাৰে শলাগ জনাই। ২০১৮ চনত তেজপুৰত অসমৰ ভিতৰতে প্ৰথম ভলীবলৰ একাডেমী হিচাপে স্থাপন হৈছিল ৰেঙণী নামেৰে। একাডেমীৰ জন্ম দিছিল ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভটাচাৰ্য্যই আৰু একাডেমীত জন্ম লগ্নৰে পৰাই জয়ন্ত জড়িত হোৱাৰ উপৰিও প্ৰশিক্ষক হিচাপে বৰ্তমানেও কাম কৰি আছে। প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিৎ ভটাচাৰ্য্যৰ একান্ত বিশ্বাসী আৰু মৰমৰ জয়ন্তই একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সকলক লৈ অসমৰ বিভিন্ন আমন্ত্ৰণ মূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰাৰ উদ্যেশ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰি খেলুৱৈ সকলক সাহস আৰু প্ৰেৰণা যোগাই আহিছে। দলটোৰ লগত নিজেই খেলি খেলুৱৈ সকলৰ ভুল বিলাক আঙুলিয়াই দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। খুব কম সময়ৰ ভিতৰতে ৰেঙণীক অন্যান্য মাত্ৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে জয়ন্ত শৰ্মাই। ৰেঙণীত প্ৰশিক্ষণপ্ৰাপ্ত সৰহ সংখ্যক খেলুৱৈয়ে এতিয়া জিলা তথা ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত উজ্বলি উঠিবলৈ সক্ষম হৈছে। ভট্টাচাৰ্য্যৰ লগত একেলগে ভলীবলৰ কাম কৰিবলৈ পায় জয়ন্তই গৌৰৱবোধ কৰে। তেওঁৰ পৰা যথেষ্ট কথা শিকা বুলি প্ৰতিবেদকৰ আগত অকপটে স্বীকাৰ কৰে। ভলীবলৰ লগত লাগি থাকি তেওঁ পাহৰি পেলাইছে নিজৰ জীৱনৰ কথা জীৱিকাৰ কথা। নুন্যতম মাননীৰে চলি থকা জয়ন্তৰ আৰ্থিক অৱস্থা সুৰক্ষিত নহয়। কিবাকৈ চলি থকা ঘৰ খনত তেওঁৰ যথেষ্ট অভাৱ প্ৰকট হৈ উঠিছে। একমাত্ৰ যুজাৰু মনটোৰ বাবেই লঘোণ নপৰাকে চলি আছে। অসমত ক্ৰীড়া কৰি কোনেওঁ জীৱন-জীৱিকাৰ পথ পাবলৈ সক্ষম হোৱা নাই। যাৰ বাবে অসমত খেলুৱৈৰ সংখ্যা কমি গৈ আছে। সম্প্ৰতি অসমত খেলুৱৈ সকলৰ বাবে ক্ৰীড়াটো হৈছে গৌন আৰু জীৱিকাটো মুখ্য। ইয়াৰ উমান পোৱা যায় অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ থকা ভলীবল প্ৰতিযোগিতা সমূহত। খেলুৱৈ সকলে বিৰামহীন ভাৱে ইখনৰ পিছত সিখন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে কেইটামান টকাৰ কাৰণে। নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি পৰিয়ালৰ ভোৰণ-পোষণ দিয়া, ৰুগীয়া মাক-দেউটাকৰ ঔষধৰ যোগান ধৰা ইত্যাদি অনেক সমস্যা যোৰা মাৰিবলৈ তেওঁলোকে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দুপইচা সংগ্ৰহ কৰিব খোজে। তেওঁলোকৰ হাতত এতিয়া অন্য উপায়ো নাই। গতিকে এই সকল খেলুৱৈৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিব নোৱাৰি। কিন্তু এওঁলোকৰ প্ৰতিভাক অস্বীকাৰ কৰিব নোৱাৰি। জয়ন্তও ইয়াৰে এজন প্ৰতিভা সম্পন্ন খেলুৱৈ। বিশেষত তেওঁ হৈছে দলটোৰ লিবোৰু। জয়ন্ত খেলপথাৰত থকা মানে প্ৰতিপক্ষ দলৰ মূৰৰ কোমোৰণী হৈ পৰে। ক’ত কেনেদৰে বল পেলাব উপায় নোহোৱা হৈ যায়। যেন তেওঁ এজন উৰন্ত মানৱহে। এনেহেন খেলুৱৈ এজনৰ বাবে চৰকাৰৰ ফালৰ পৰা সংস্থাপনৰ ব্যাৱস্থা কৰিব পাৰিলে নিশ্চিত ভাৱে খেলুৱৈ সকল উৎসাহিত হৈ পৰিব লগতে অযুত আশা বুকুট বান্ধি খেলুৱৈ সকল খেলপথাৰলৈ আহি পাৰদৰ্শীতা উন্নত কৰাৰ প্ৰচেষ্ঠা হাতত ল’ব। ভলীবলৰ নামতে নিজকে সমৰ্পিত কৰা জয়ন্তৰ আত্ম সংস্থাপনৰ বাবে ক্ৰীড়া প্ৰেমী ৰাইজে বিনম্ৰতাৰে অনুৰোধ ৰাখিছে।

Leave A Reply