Breaking

লুণ্ঠনৰ সমাপ্তি কেতিয়া? কংগ্ৰেছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিকলৈ কংগ্ৰেছৰ প্ৰশ্ন

0 58

দেশত পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। এনে সময়তে কংগ্ৰেছে এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিক লৈ চৰকাৰক আক্ৰমণ কৰি কয় যে যদি কেন্দ্ৰত ক্ষমতালৈ আহে, তেন্তে বিজেপিয়ে ৫০০ টকাৰ তলৰ মূল্যত ঘৰুৱা ব্যৱহাৰকাৰীসকলৰ বাবে চিলিণ্ডাৰ যোগান ধৰি “লুণ্ঠন” সমাপ্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া সেই প্ৰতিশ্ৰুতি ক’ত গ’ল বুলি কংগ্ৰেছে প্ৰশ্ন কৰে।

উল্লেখ্য বুধবাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৫০ টকা বৃদ্ধি কৰা হৈছে । উত্তৰ-পূবৰ তিনিখন ৰাজ্যত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ কেইদিনমানৰ ভিতৰতে এনেদৰে চিলিণ্ডাৰৰ মূল্যবৃদ্ধি ঘটোৱা হৈছে। চৰকাৰৰ এনে কাৰ্যক বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে।

দিল্লীত চৰকাৰী ইন্ধন ৰিটেইলাৰৰ মূল্য অধিসূচনা অনুসৰি, ১৪.২ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া ১,০৫৩ টকাৰ পৰা বৃদ্ধি কৰি ১,১০৩ টকা কৰা হৈছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই অভিযোগ কৰে যে ঘৰুৱা মূল্য ৰন্ধন গেছৰ চিলিণ্ডাৰ ৫০ টকা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ চিলিণ্ডাৰৰ মূল্য ৩৫০ টকা বৃদ্ধি কৰা হৈছে । অথচ এই সময়ত দেশৰ প্ৰতিজন ব্যক্তিয়ে উচ্চ মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে।

খাৰ্গেই কয় “ৰাইজে সুধিছে- এতিয়া হোলীৰ ব্যঞ্জন কেনেদৰে বনাব , কিমান দিনলৈ লুণ্ঠনৰ এই আদেশবোৰ অব্যাহত থাকিব? প্ৰতিজন ব্যক্তিয়ে নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা পিঠি বেঁকা কৰা মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে”।

কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এলপিজিৰ মূল্য বৃদ্ধিৰ ৰূপত জনসাধাৰণক এটা হোলীৰ “উপহাৰ” দিছে। যদি কংগ্ৰেছ কেন্দ্ৰত ক্ষমতালৈ আহে, তেন্তে ৰাজস্থানত প্ৰদান কৰাৰ দৰেই ৫০০ টকাৰ তলৰ দামত গেছ চিলিণ্ডাৰ প্ৰদান কৰিব।
বল্লভে কয় “মোদীয়ে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ পৰা শিক্ষা লোৱা উচিত আৰু উচ্চ কৰৰে দেশৰ জনসাধাৰণক লুণ্ঠন যে কৰিব নালাগে সেয়া বুজি পোৱা উচিৎ “।


কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে বিজেপি চৰকাৰে পুনৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে আৰু এইবাৰ হোলীৰ ঠিক আগতে।এয়া মুঠেও সুখকৰ কথা নহয়। প্ৰিয়ংকাই কয়- “২০১৪ চনৰ পৰা চৰকাৰে চিলিণ্ডাৰৰ মূল্য ২৭৫ শতাংশ বৃদ্ধি কৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত চিলিণ্ডাৰৰ মূল্য আছিল ৪০০ টকা, ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে এতিয়া ৫০০ টকাত চিলিণ্ডাৰ প্ৰদান কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে ক’ব লাগে, তেন্তে আপোনাৰ চৰকাৰে কিয় এনেদৰে ৰাইজক লুণ্ঠন কৰিছে” ।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া এলপিজি সংযোগ লাভ কৰা ৯.৫৮ কোটি দৰিদ্ৰ লোকক চৰকাৰে প্ৰতিচিলিণ্ডাৰ ৰাজসাহায্যত ২০০ টকা পৰিশোধ কৰি আহিছে । তেওঁলোকৰ বাবে মূল্য হ’ব প্ৰতিটো চিলিণ্ডাৰত ৯০৩ টকা।

Leave A Reply