Breaking

অৰ্জুনৰ সৈতে কেতিয়া বিবাহপাশত আৱদ্ধ হ’ব মালাইকা? মালাইকাই ক’লে এতিয়া আমি প্ৰি-হানিমুন উপভোগ কৰি আছোঁ…

0 124

১২ বছৰ সৰু অৰ্জুন কাপুৰৰ সৈতে বিবাহ সন্দৰ্ভত মালাইকা অৰোৰাই কি ক’লে – এতিয়া প্ৰি-হানিমুন উপভোগ কৰি আছে দুয়ো।
বিয়াৰ সন্দৰ্ভত মালাইকা অৰোৰাই এনেকুৱা এটা কথা কৈছিল যিটো বৰ্তমান ভাইৰেল হৈ পৰিছে। ইয়াৰ লগতে দুয়োৰে ক’লে সম্পৰ্কক লৈ কিমান ছিৰিয়াছ। মলাইকা অৰোৰাই নিজতকৈ ১২ বছৰ সৰু অভিনেতা অৰ্জুন কাপুৰৰ লগত ডেটিং কৰি আছে। কিন্তু বিয়াৰ প্ৰশ্নত দুয়ো মৌনতা অৱলম্বন কৰে। আনহাতে শেহতীয়াকৈ যেতিয়া মলাইকা অৰোৰাক অৰ্জুন কাপুৰৰ সৈতে হোৱা বিবাহৰ বিষয়ে এক সাক্ষাৎকাৰত সোধা হৈছিল, তেতিয়া অভিনেত্ৰীগৰাকীয়ে যি উত্তৰ দিছিল তাৰ বাবে তেওঁ শিৰোনামত সোমাই পৰিছিল। এই সাক্ষাৎকাৰত মলাইকাই অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে-

বয়সৰ পাৰ্থক্যৰ ওপৰত মালাইকাৰ উত্তৰ-
মলাইকা আৰু অৰ্জুন কাপুৰৰ বয়সৰ ব্যৱধান বৃহৎ। মলাইকাৰ বয়স ৪৯ বছৰ আৰু অৰ্জুন কাপুৰৰ বয়স ৩৭ বছৰ। অৰ্থাৎ অভিনেত্ৰীগৰাকী অৰ্জুনতকৈ ১২ বছৰ ডাঙৰ। অৰ্জুন কুপাৰৰ পৰা বয়সৰ পাৰ্থক্যৰ বিষয়ে মলাইকাক সোধাত অভিনেত্ৰীগৰাকীয়ে কয় যে প্ৰেমে বয়স দেখা নাপায়। ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে বিবাহ সন্দৰ্ভত ক’লে যে এই মুহূৰ্তত আমি প্ৰি-হানিমুন পৰ্যায়টো উপভোগ কৰি আছো।


অৰ্জুন কাপুৰৰ সৈতে বিবাহৰ প্ৰশ্নত মলাইকা অৰোৰাই কয়- ‘আমি দুয়ো পৰিপক্ক স্তৰত আছো। আমাৰ ভৱিষ্যত আছে। আমি জীৱনটোক ভাল পাওঁ। আমি চাব লাগিব কেনেকৈ আগুৱাই নিব পাৰি। আমি বহুত হাঁহো আৰু ধেমালি কৰো। আমি আমাৰ সম্পৰ্কক লৈ অতি ছিৰিয়াছ। প্ৰেমৰ সম্পৰ্কত মালাইকাই ক’লে আপোনাৰ সম্পৰ্কত ইতিবাচক আৰু নিৰাপদ অনুভৱ কৰিব লাগিব আপুনি। মই অতি সুখী আৰু ইতিবাচক চিন্তাৰ মানপহ।

Leave A Reply