Breaking

মহানগৰীত কেতিয়া হ’ব লাভলিনা বৰগোহাঁই পথ…

0 52

অসমৰ প্ৰথম হিচাপে অলিম্পিকত পদক জিকি অহাৰ পিচত ২০২১ চনৰ ১২ আগষ্টত কলাক্ষেত্ৰত হোৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, ‘বক্সাৰ লাভলিনা বৰগোহাঁইৰ নামেৰে মহানগৰীত এটা পথ নামকৰণ কৰা হ’ব’ ।

লগতে মুখ্যমন্ত্ৰী শৰ্মাই খেলুৱৈগৰাকীক চৰকাৰৰ নীতি অনুসাৰে এক কোটী টকা প্ৰদানৰ উপৰি অসম পুলিচত ডি-এছ-পি পদমৰ্যাদাৰে নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰিছিল।

পিচৰ দুটা ইতিমধ্যে বাস্তবায়িত হৈছে । পথ নামকৰণৰ কামটোহে হৈ উঠা নাই ।

ইংৰাজী নৱবৰ্ষৰ সময়তেই মুখ্যমন্ত্ৰীয়ে এই কাম কৰাৰ সম্ভাৱনা আছে।

Leave A Reply