Breaking

বিজেপি চৰকাৰৰ কাৰ্যকাল সমাপ্ত হ’ব কেতিয়া !

0 2,035

অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল নামি পৰিছে নিজা নিজা ৰণকৌশলত।

ইয়াৰ মাজতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে কেতিয়ালৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ? উল্লেখ্যে যে, কিছুদিন পূৰ্বে নিৰ্বাচনী আয়োগৰ অধিকাৰী অসমলৈ আহিছিল ।

ভাৰতৰ নিৰ্বাচনী আয়োগে চলিত বৰ্ষৰ শেষৰ পিনে নিৰ্বাচনৰদিন ঘোষণা কৰিব পাৰে। উল্লেখ্য যে, আগন্তুক সময়চোৱাত নিৰ্বাচনী আয়োগে অসম, তামিলনাডু, পশ্চিম বংগ, পণ্ডুচেৰী আৰু কেৰেলাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে।

নিৰ্বাচনী আয়োগৰ মতে অসমত ৩১ মে’ ২০২১ত চৰকাৰৰ কাৰ্যকাল শেষ হ’ব ।

Leave A Reply