Breaking

ভাৰতলৈ উভতি অহাৰ পাছত হঠাৎ ক’লৈ গ’ল অঞ্জু…

0 71

পাকিস্তানৰ পৰা ভাৰতলৈ উভতি অহা অঞ্জু কিন্তু এতিয়া ক’ত আছে কোনেও নাজানে। বিমানবন্দৰৰ পৰা ওলাই অহা ব্যক্তিজনৰ পৰিচয়ক লৈও চাচপেন্স। প্ৰায় ৫ মাহৰ পিছত ৱাগাহ সীমান্তৰে ভাৰতলৈ উভতি আহে অঞ্জু। ভাৰতত উপস্থিত হোৱাৰ পিছতে অঞ্জুক নিৰাপত্তা সংস্থাই বহু সময় জেৰা কৰে। তেওঁৰ বিবাহ সম্পৰ্কীয় কোনো নথি-পত্ৰ নাছিল। জেৰাৰ সময়ত অঞ্জুৱে পাকিস্তানী প্ৰতিৰক্ষা জোৱানৰ সৈতে কোনো সম্পৰ্ক নাই বুলি অস্বীকাৰ কৰে। অঞ্জুৱে কয় যে তেওঁ নিজৰ সন্তানৰ বাবে ভাৰতলৈ উভতি আহিছে। তদন্ত আৰু কাষ্টম ক্লিয়াৰেন্সৰ অন্তত তাই অমৃতসৰ বিমানবন্দৰলৈ ৰাওনা হয়। ইফালে সকলোৱে প্ৰশ্ন কৰিছে যে অঞ্জু কাৰ লগত গাড়ীত বিমানবন্দৰৰ পৰা গৈছিল।


মন কৰিব যে অঞ্জু গাড়ীৰে বিমানবন্দৰৰ পৰা ওলাই আহিল। অৱশ্যে এতিয়া তাই ক’লৈ গ’ল সেয়া জানিব পৰা হোৱা নাই। ৰাজস্থানৰ আলৱাৰৰ বাসিন্দা অঞ্জুৱে চলিত বৰ্ষৰ জুলাই মাহত পাকিস্তানৰ খাইবাৰ পখতুনখোৱালৈ গৈছিল ফেচবুকৰ বন্ধু নছৰুল্লাক লগ কৰিবলৈ। য’ত ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম সলনি কৰি ফাতিমা কৰি নছৰুল্লাক বিয়া কৰাইছিল।


Leave A Reply