Breaking

সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…

0 14

নন্দেশ্বৰ মিলি

বাঁহী এক লোকবাদ্য।ইয়াক বিভিন্ন নামেৰে জনা যায়।বাঁহী, বংশী, মুৰুলী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে।তদুপৰি বাঁহীক বিভিন্ন জনগোষ্ঠীসকলে বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়।বাঁহী এবিধ স্থিৰ সুৰৰ বাদ্য।বাঁহী মুখেৰে ফুঁ দি বজোৱা বাদ্য।ইয়াক প্ৰধানকৈ বাঁহেৰে বনোৱা হয়।ইয়াৰ ছটা ফুটা থাকে।অৱশ্যে বিভিন্ন প্ৰকাৰৰ আৰু দৈৰ্ঘ্য্যৰ বাঁহীও পোৱা যায়।এইবোৰক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা দেখা যায়।ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে বাঁহী বৈষ্ণৱ সমাজত শ্ৰদ্বেয় আৰু পৱিত্ৰ।তদুপৰি বিহুগীত, বনগীত, লোকগীত, বৰগীত আদি সকলোতে বাঁহী ব্যৱহাৰ কৰা হয়।মিচিংসকলৰ ঐনিঃতমৰ তালে তালে বাঁহীৰ (কুৰুলি) অবিহনে আধৰুৱা।বড়োসকলৰ বিখ্যাত সুৰীয়া চিফুং(বাঁহী)ৰ কথা সকলোৱে জানো।তেনেকৈ পাহাৰে-ভৈয়াম অৰ্থাৎ বিশ্বৰ সকলো সমাজতে গীত-মাত পৰিৱেশন কৰোঁতে বাঁহী সংগত কৰা দেখা যায়।

বাঁহীৰ মাতে কাকনো নকৰে মতলীয়া।বাঁহীৰ ছন্দত আছে অময়া সুৰীয়া।কলিয়া কৃষ্ণৰ বাঁহীৰ সুৰে সকলো গোপ-গোপীনিসকলক মতলীয়া কৰাৰ কথা সকলোৱে জানো।তেওঁৰ সৰগীয় বাঁহীৰ সুৰ অতুলনীয়।

Beautiful young girl in forest playing flute.

সুৰীয়া বাঁহী বজাই
কানাই কলীয়া
কৰে মতলীয়া
সমস্ত বৈকুণ্ঠধাম।

গৰখীয়াৰ স’তে বাঁহীৰ আজন্ম প্ৰেমিক।নৈৰ পাৰে পাৰে গৰু-ম’হ চৰি ফুৰোতে গৰখীয়াই বজাই সুৰীয়া বাঁহী।ৰিব্‌ ৰিব্‌ কৈ বলা মলয়াজাকে কঢ়িয়াই আনে সুগন্ধী বাঁহীৰ সুবাস।এয়া যেন এক চিৰপৰিচিত গাঁওৰ পথাৰৰ দৃশ্য বুলি ক’ব পাৰি।

গৰখীয়াজনৰ অময়া বাঁহীৰ সুৰে
ৰজনজনাই তোলে এই নদীৰ পাৰ
কাংকান-ঐচেঙহঁতৰ সেই সুৰৰ মূৰ্চ্ছনাত
বলে এছাটি হৃদয়ত বা।

আকৌ কেতিয়াবা মাজৰাতি দূৰৈৰপৰা ভাঁহি আহে বাঁহীৰ মাত।নিশাৰ নিস্তব্ধতা ভাঙি ভাঁহি অহা বাঁহীৰ মাতত কেঁচা টোপনি ভাঙে।হয়তো কোনোবা প্ৰেমিকে প্ৰেমিকালৈ মনত পৰাৰ সুখৰ স্বতঃস্ফূৰ্ত বহিৰ্প্ৰকাশ।প্ৰেমিকাৰ বুকুখন চিৰিংকৈ কোবাই থৈ যায় সংগোপনে।

মাজৰাতি সাৰ পাই উঠো
কেঁচা সপোন ভাঙি
দূৰৈৰপৰা নিশা ভেদি আহে
এটি সুৰীয়া বাঁহী।

বাঁহীৰ মাত শুনিলেই আমাৰ মনত বাহ লৈ থকা হাজাৰবাৰ দুঃখ-কষ্ট,যন্ত্ৰণা আদিৰপৰা উপশম পাব পৰা যায়।কাৰোবাৰ খং উঠিলে বা মন বেয়া হৈ থাকিলেও এপলক বাঁহীৰ মাত শুনিলে আপোনা-আপুনিকৈ মন শান্ত আৰু সমাহিত হৈ পৰে।

বাঁহীৰ কি যে মহিমা!
এবাৰ শুনিলেই
অশান্ত মনৰ ঢৌ
শাঁত পৰে নিৰলে।

বাঁহীৰ প্ৰেমত পৰোঁ।বাঁহীক লৈ সপোন ৰঁচো।বাঁহীক লৈ বহু কবি-শিল্পীৰ সৃষ্টিৰ পথৰা কৰিছে উৰ্বৰা।কিমান যে গল্প,কিমান যে কবিতা,কিমান যে গীত বাঁহীক লৈ সৃষ্টি হৈছে তাৰ লেখ নাই।আমাৰ সাহিত্য-সংস্কৃতিৰ সৃষ্টিৰ পথাৰতো বাঁহী যেন অবিচ্ছেদ্য ।

বাঁহী তুমি সকলোৰে প্ৰিয় যতুমি শিল্প
তুমি সৃষ্টিযযুগে যুগে..

বাঁহীক লৈ অনেক ৰসাল ঘটনাও ঘটে।বাঁহী বজোৱা ল’ৰাজনক লৈ বহু কাহিনীও শুনোঁ।কলেজ- ইউনিভাৰ্ছিটিৰ বাকৰিত অনুষ্ঠিত হোৱা সাংস্কৃতিক মঞ্চত সুৰীয়া বাঁহী বজোৱা ল’ৰাজনক লৈ প্ৰেমত পৰে বহু ৰূপহী।অনামী ল’ৰাজনৰ বাঁহীৰ যাদুকৰীৰ মূৰ্চ্ছনাত তন্ময় হোৱা কথা বহু দিনলৈ মনত ৰাখে বহুজনে।

তোমাৰ বাঁহীৰ সুৰত
সেই বিশ্ববিদ্যালয়ৰ কেম্পাছত
প্ৰথমবাৰৰ বাবে
মই অনুভৱ কৰিছিলোঁ
এক অনামী শিহৰণ।

সময়ৰ বোকোছাত সকলো সলনি হয়।তেনে সন্ধিক্ষণত আমাৰ মাজৰপৰা বহু বস্তু হেৰাই গৈছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে।সেই বাঁহীৰ সুৰৰ ছন্দও এতিয়া নৈৰ পাৰত,পথাৰৰ মাজত শুনিবলৈ নাপায়।আধুনিক যান্ত্ৰিকময় পৃথিৱী আৰু প্ৰযুক্তিবিদ্যৰ যুগত গাঁওৰ পথাৰৰ গৰখীয়াৰ সুৰীয়া বাঁহীৰ সুৰ কেতিয়াবাই হেৰাই থাকিল।এতিয়া নদীৰ পাৰত অথবা পথাৰত আগৰ সেই লহৰ নাই।এতিয়া সেইবোৰ মধুৰ স্মৃতি ৰোমন্‌হণ কৰি নষ্টালজিক হৈ পৰোঁ কেতিয়াবা।

নাই নাঁৱৰীয়া নাই টঙীঘৰ
নাই গৰখীয়া নাই মোহন বাঁহী
নাই অইনিঃতমৰ কলি
নাই কনেঙৰ হাঁহি
উদং উদং লাগে
এতিয়া এই সোঁৱণশিৰি।

Leave A Reply