Breaking

বিবাহৰ পিছত পৰিনীতি চোপ্ৰা ক’ত থাকিব? দিল্লী নে মুম্বাইত…

0 173

উদয়পুৰত বৰ্ণিল বিবাহৰ অন্তত দিল্লীৰ শহুৰেকৰ ঘৰত উপস্থিত পৰিনীতি চোপ্ৰা। এতিয়া চৰ্চা হৈছে পৰিনীতি বিয়াৰ পিছত মুম্বাইত থাকিব নে দিল্লীত থাকিব। দেওবাৰে উদয়পুৰত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত চলচ্চিত্ৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাই দিল্লী পালেহি। য’ত তেওঁৰ শহুৰেকৰ ঘৰ। দিল্লীৰ পাণ্ডৰা পাৰ্কত অৱস্থিত চাদ্ধা বাসগৃহত তেওঁক উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পিছত এতিয়া পৰিনীতি চোপ্ৰাই মুম্বাই এৰি দিল্লীত থাকিবলৈ যাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। যোৱা কেইবছৰমানৰ পৰা পৰিনীতিয়ে ছবিত বিশেষ সফলতা লাভ কৰা নাই, আনহাতে দিল্লীত ৰাঘৱ চাদ্ধাৰ ৰাজনৈতিক জনপ্ৰিয়তা বাঢ়িছে। এনে পৰিস্থিতিত পৰিনীতিয়ে কেনেদৰে কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব?


বিবাহৰ পিছত পৰিনীতি চোপ্ৰাৰ প্ৰথমখন মুক্তি লাভ কৰিব মিছন ৰাণীগঞ্জ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে পৰিনীতিয়ে। ইফালে পৰিনীতি আৰু ৰাঘৱ চাদ্ধাৰ বিবাহক ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে। ইফালে বিয়াৰ আন কিছু ফটো আৰু ভিডিঅ’ও ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে।


Leave A Reply