Breaking

নলবাৰীৰ চাৰ্কিট হাউছৰ গোপন বৈঠকত কোন কোন ৰাজনীতিক

0 2,029

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মহাজোঁটৰ পৰা এ আই ইউ ডি এফক বাদ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ২৪ ঘন্টা নৌহওঁতেই অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাই আজি নৱ শৰণীয়াৰ লগত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। বিশেষকৈ আগন্তুক উপ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই নলবাৰীৰ আৱৰ্ত ভৱনত এই বৈঠক অনুষ্ঠিত হয়। শৰণীয়া আৰু বৰাৰ গোপন বৈঠকত বিজেপিৰ বিৰুদ্ধে ৰণ কৌশল গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।আগন্তক উপ নিৰ্বাচনত বিটিচিত  কংগ্ৰেছৰ  লগত বুজাবুজি কৰি নব শৰণীয়াই নিৰ্বাচন খেলিব বিচাৰিছে বুলি জানিব পৰা গৈছে। ইপিনে বৈঠকৰ অন্তত নৱ শৰণীয়াই কয়, বিটিচিৰ  ৰাইজৰ স্বাৰ্থত কংগ্ৰেছৰ  লগত  বুজাবুজি  কৰিব বিচাৰিছো।  ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ নব শৰণীয়াই বিটিচিৰ অসমীয়া ৰাইজৰ প্ৰতি ভূপেন বৰা দায়বদ্ধ বুলি মন্তব্য কৰি শৰণীয়াই কয় ভবানীপুৰৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ জয় হোৱাতো নিশ্চিত। তেওঁ কয়  উপ নিৰ্বাচনত বিটিচিত দুখন আসনত গণশক্তি দলৰ জয় প্ৰায় নিশ্চিত । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি নৱ   শৰণীয়াই কয় মোডীয়ে দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিছে। বিৰোধী এক হলে ‘২৪ – ‘২৬ ত বিজেপি ধৰাশায়ী হব । আনহাতে অসম প্ৰদেশ  কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাই নব শৰণীয়াৰ প্ৰমাণ পত্ৰ দি কয় – নব শৰণীয়া এগৰাকী অভিজ্ঞ  ৰাজনীতিক ।উপ নিৰ্বাচনত নৱ শৰণীয়াৰ  সহায় লাগে কংগ্ৰেছক । আজিৰ বৈঠকত বিটিচিৰ উপ নিৰ্বাচন  সন্দৰ্ভত  আলোচনা কৰা হৈছে বুলি বৰাই মন্তব্য কৰে।

Leave A Reply