Breaking

অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে? – আপৰ প্ৰশ্ন

0 148

নতুন শিক্ষা নীতিত সকলো চি বি এছ চি পাঠ্যক্ৰমত মাতৃভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতো অসমৰ নৱোদয় বিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়াক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত নকৰাত উদ্বেগ প্রকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

এক বিবৃতিত দলটোৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰশ্ন কৰে যে অসমৰ বিদ্যালয়ত অসমীয়া নপঢ়ুৱালে ক’ত পঢ়ুৱাব? একাংশ অসমীয়া বিৰোধী লবীয়ে অসমৰ নৱোদয় বিদ্যালয়ত নৱোদয় বিদ্যালয় সমিতিয়ে শেহতীয়াকৈ আধুনিক ভাৰতীয় ভাষাৰ স্নাতকোত্তৰ শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত কৈছে যে যিবোৰ বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত আঞ্চলিক ভাষাৰ শিক্ষা প্ৰদান কৰি থকা হৈছে, কেৱল তেনেবোৰ বিদ্যালয়তহে এনে পদৰ স্বীকৃত দিয়া হ’ব।

মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, কেৰেলা, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তেলেংগনা, পশ্চিমবংগ আৰু মণিপুৰত ইতিমধ্যে একাদশ আৰু দ্বাদশ শ্ৰেণীত ৰাজ্যিক ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে৷

কিন্তু অসমত, অসমীয়া বিৰোধী লবীৰ চক্ৰান্তত শোণিতপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাদে আন কোনো বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়া ভাষা আজিকোপতি অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

জাতি-মাটি ৰক্ষাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ আমোলতে অসমৰ বিদ্যালয়তে অসমীয়া ভাষা এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ দিয়ে আম আদমি পাৰ্টীয়ে। দলটোৱে চৰকাৰৰ ওচৰত দাবী কৰে যে অসমৰ জৱাহৰ নৱোদয় বিদ্যালয়সমূহৰ একাদশ আৰু দ্বাদশ শ্রেণীত অসমীয়া বিষয়টো অন্তর্ভুক্ত কৰিবলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক।

Leave A Reply