Breaking

চেল্ফমেড নহয়! অভিনেত্ৰী কংগনা ৰানাৱতৰ সফলতাত কাৰ হাত আছে, ক’লে অভিনেত্ৰীগৰাকীয়ে…

0 37

বলীউডৰ ৰাণী কংগনা ৰানাৱটে নিজৰ সফলতাৰ কৃতিত্ব পিতৃক দিছে। কংগনাই কয় যে তেওঁৰ পিতৃয়ে সদায় বিচাৰিছিল যে তেওঁৰ সন্তানে পঢ়া-শুনা কৰক আৰু যাতে আন কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। বলীউডৰ এগৰাকী সফল অভিনেত্ৰী কংগনা ৰানাৱত। তেওঁ এই পৰ্যন্ত চাৰিটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। প্ৰায়ে কোৱা হয় যে তেওঁ এগৰাকী স্ব-নিৰ্মিত অভিনেত্ৰী, কিন্তু যেতিয়া তেওঁক এক শ্ব’ত সোধা হৈছিল যে অভেনেত্ৰীগৰাকীৰ সফলতাত কাৰ হাত আছে? তেতিয়া কংগনাই তেওঁৰ সফলতাৰ কৃতিত্ব পিতৃক দিলে।


অভিনেত্ৰী কংগনা ৰানাৱটে কয় যে তেওঁ অতি সৰু গাঁৱৰ পৰা আহিছে, য’ত ছোৱালীৰ পঢ়া-শুনা অতি কঠিন। সেইবাবেই তেওঁৰ দেউতাকে জীয়েকক পঢ়া-শুনাৰ বাবে বহিঃৰাজ্যলৈ পঠিয়াই দিছিল। কংগনা ৰানাউটৰ জন্ম হিমাচল প্ৰদেশৰ ভাম্বলাত।

কংগনা ৰানাৱতৰ সৈতে তেওঁৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ বিষয়ে কথা পাতিলে। এই ছবিখনত তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে জৰুৰীকালীন সময়ৰ কাহিনী কয়। কংগনা ৰানাৱটে নিজেই পৰিচালনা কৰিছে এই ছবিখন। ২০২৪ চনত দুইৰ পৰা তিনিমাহৰ ভিতৰত মুক্তি পাব ছবিখন। ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰাটো তেওঁৰ বাবে অতি ৰোমাঞ্চকৰ হৈ পৰিছে। চৰিত্ৰটোত অবিনয় কৰা পূৰ্বে তেওঁ বহু গৱেষণা কৰিছিল আৰু সেই সময়ছোৱা বুজিবলৈ চেষ্টা কৰিছিল।


Leave A Reply