Breaking

স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…

0 17

সম্পূৰ্ণ নাম তেওঁৰ কিশোৰী লাল শৰ্মা। শৰ্মাই ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ সৈতে ৰায়বেৰেলী আৰু আমেথিৰ ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল।আমেথি লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে শৰ্মাক বাছনি কৰিছে কংগ্ৰেছে। এই সমষ্টিটো এটা সময়ত ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল।লোকসভা নিৰ্বাচনত কে এল শৰ্মাই আমেথিত বৰ্তমানৰ বিজেপি সাংসদ স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মা মূলতঃ পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা।

শৰ্মাই দীৰ্ঘদিন ধৰি ছোনিয়া গান্ধীৰ হৈ ৰায়বেৰেলীত দলৰ কাম পৰিচালনা কৰি আহিছে।১৯৯১ চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত শৰ্মাই ৰায়বেৰেলী আৰু আমেথিত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ কামত নিজকে নিয়োজিত কৰিছিল। কংগ্ৰেছৰ হৈ কে এল শৰ্মাই ৰায়বেৰেলী আৰু আমেঠি দুয়োখন আসনৰ তত্বাৱধানৰ দায়িত্ব গ্ৰহণ কৰিছিল। কে এল শৰ্মা কংগ্ৰেছৰ বাবে সদায় অবিশ্বাস্যভাৱে নিষ্ঠাৱান আৰু সমৰ্পিত নেতা । ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালৰ আন সদস্যসকলৰ প্ৰিয় হোৱা বাবেই কংগ্ৰেছে এইবাৰ শৰ্মাক আমেথিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Leave A Reply