Breaking

কংগনা ৰানাৱটৰ সপোনৰ ৰাজকুমাৰ কোন? ক’লে সকলো ভাঙি-পাতি…

0 34

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিজৰ প্ৰেমৰ সম্পৰ্কৰ খবৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰত ব্যৱসায়ী নিশান্ত পিট্টীৰ সৈতে কংগনাৰ নাম জড়িত হৈ পৰিছিল। যিটো অস্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই খবৰবোৰ উৰাবাতৰিলৈ ৰূপান্তৰিত হৈছে। অৱশেষত সম্পৰ্ক আৰু ডেটিংৰ খবৰক লৈ কংগনা ৰানাৱটে নিজৰ মৌনতা ভাঙিলে। প্ৰথমে হেয়াৰ ষ্টাইলিষ্টৰ সৈতে তেওঁৰ ছবিসমূহ প্ৰকাশ পাইছিল আৰু তাৰ পিছত ৰাম মন্দিৰৰ পবিত্ৰকৰণৰ সৈতে। আচলতে অযোধ্যাত প্ৰকাশ পাইছিল ইজমে ট্ৰিপৰ প্ৰতিষ্ঠাপক তথা কোটিপতি ব্যৱসায়ী নিশান্ত পিট্টীৰ সৈতে অভিনেত্ৰীগৰাকীৰ ছবি। কিন্তু কংগনাই স্পষ্ট কৰি দিছে যে তেওঁৰ জীৱনত আন কোনোবা আছে, যাৰ বিষয়ে তেওঁ সোনকালে ক’ব।

কংগনা ৰানাৱটে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘সকলোকে অনুৰোধ কৰিছো যে অনুগ্ৰহ কৰি এনে ভুল তথ্য বিয়পাই নিদিব। নিশান্ত পিট্টীৰ সৈতে নহয় মইও আন কাৰোবাৰ সৈতে ডেটিং কৰি আছো। সঠিক সময় নহালৈকে অপেক্ষা কৰক, মই ক’ম।’

নিশান্ত পিট্টী হৈছে অনলাইন ট্ৰেভেল প্লেটফৰ্ম ইজমাই ট্ৰিপৰ সহ-প্ৰতিষ্ঠাপক। ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি এই প্লেটফৰ্মে ৩,৭১৬ কোটি টকাৰ ৰাজহ লাভ কৰিছিল।


Leave A Reply