Breaking

‘কা দেশৰ আইন, কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে’: মমতাক লক্ষ্য কৰি অমিত শ্বাহ…

0 41

লোকসভা নিৰ্বাচন মাত্ৰ কেইমাহমান বাকী থকাৰ সময়তে বহু কেইটা ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী আইনকলৈ পুনৰ আৰম্ভ কৰিছে ৰাজনীতি৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ ধৰ্মতলাত এক ৰেলীত চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কয় যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো বন্ধ কৰিব নোৱাৰে। বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ বিজেপি ক্ষমতালৈ অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত পেলাই ৰখা হৈছিল৷

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগত অতি শীঘ্ৰে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰে পৰা প্ৰায় দুবছৰ পাৰ হৈ গ’ল, কিন্তু আইনখন বংগত প্ৰণয়ন কৰা হোৱা নাই। এইবোৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বংগলৈ আহি শ্বাহে পুনৰ চিএএৰ বিষয়টো উলিয়াইছে৷ উল্লেখ্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁ স্পষ্ট কৰি দিছে যে ৰাজ্যখনত আইনখন কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব। মমতাৰ এনে স্থিতিৰ বিপৰীতে অমিত শ্বাহে কয় “টিএমচিয়ে ৰাজ্যখনত অনুপ্ৰৱেশৰ বাবে উচটনি দি আহিছে। সেইকাৰণে মমতাই চিএএ কাৰ্যকৰী কৰিব নিবিচাৰে। কিন্তু এয়া দিল্লীৰ আইন। আনকি কোনোবাই চেষ্টা কৰিলেও ইয়াক বন্ধ কৰিব নোৱাৰে’’। অমিত শ্বাহে লগতে কয়, “এই দেশৰ এজন হিন্দু নাগৰিকৰ যিমান অধিকাৰ আছে। শৰণাৰ্থীসকলৰ অধিকাৰো সমানেই।”

Leave A Reply