Breaking

তেজপুৰত কোন এইজন পংকজ হাজৰিকা…

0 1,622

মহাভৈৰৱ আৰক্ষীৰ বৃহৎ সফলতা। এজন ভুৱা আৰক্ষী আটক। তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ সমীপত এজন যুৱকে আৰক্ষীৰ পোছাক পিন্ধি তেজপুৰৰ বিভিন্ন স্থানত ঘুৰি ফুৰাৰ লগতে নিজকে নতুনকৈ মহাভৈৰৱ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে চিনাকি দি আছিল। মহাভৈৱৰ আৰক্ষীয়ে খৱৰ লাভ কৰি ধৃত যুৱকজনক আটক কৰে।

যুৱকজন ধেমাজীৰ পংকজ হাজৰিকা বুলি জানিব পৰা গৈছে। ধৃত যুৱকজনে আৰক্ষীৰ পোছাকৰ লগতে ভাৰতীয় সেনা বাহিনীৰ পোছাক পিন্ধা ফটো, বিজেপিৰ ৰাজনাথ সিংৰ লগতো ফটো ধৃত যুৱকজনৰ মোৱাইলত পোৱা গৈছে। বৰ্তমান আৰক্ষীয়ে সোধাপোচ অব্যাহত ৰাখিছে।

Leave A Reply