Breaking

কোনে ভাবে – ৫০ বছৰলৈ বিজেপি থাকিব!

0 24

ভাৰতীয় জনতা পাৰ্টীৰ ৭০ নং বিশ্বনাথ বিধান সভা সমষ্টিৰ কাৰ্যকৰ্তা সন্মিলন শনিবাৰে দিনৰ ২:০০ বজাত অনুষ্ঠিত হয়। কমলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত শোণিতপুৰ সংসদীয় সমষ্টিৰ প্ৰাথী বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ১৯৯৬ চনৰ পৰাই বিজেপি দলৰ হৈ কাম কৰি আছোঁ বুলি মন্তব্য কৰাৰ লগতে দলে ২০০১ চনত মোক বিজেপিৰ বিধায়ক, দলৰ ৰাজ্যিক সভাপতি, ২০১৬ চনত মন্ত্ৰী আৰু পুনৰ দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মোক সাংসদ হিচাপে প্ৰাথিত্ব প্ৰদান কৰিছে বুলি মন্তব্য ৰাখে। দলে এজন কাৰ্যকৰ্তা হিচাপে মোক বহুত দিছে ইয়াতকৈ এজন কাৰ্যকৰ্তা হিচাপে মোক আৰু কি দিব বুলিও উল্লেখ কৰে। মই সকলো খিনিয়েই পাইছো বুলি শনিবাৰে অনুষ্ঠিত সভাত মন্তব্য কৰে। প্ৰাথী দত্তই পুনৰ কয় বিজেপি শাসনত আহিলে মুচলমান সকলক উচ্ছেদ কৰিব, হিন্দু মুচলমান মাজত সংঘৰ্ষ হ’ব বুলি কংগ্ৰেছে ভয় খুৱাইছিল কিন্তু এতিয়া চৰ চাপৰি অঞ্চলৰ লোক সকলে বুজি পাইছে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে শাসন কৰা ১০ বছৰ হ’ল । এই ১০ বছৰত কোনো মুচলমান লোকক উচ্ছেদ নকৰাৰ লগতে ভাতৃ ঘাটি সংঘৰ্ষ হোৱা নাই বুলি মন্তব্য কৰে।

বৰ্তমান কংগ্ৰেছ বিশ্বনাথত শূণ্য বুলি মন্তব্য কৰে। ৫০ বছৰলৈ কংগ্ৰেছ নাহে বুলিও ৰঞ্জিত দত্তই কয়। লগতে বেছি ভোট দিয়া মণ্ডল সভাপতিক এক লাখকৈ টকাকৈ দিব বুলি মন্তব্য কৰে প্ৰাথী ৰঞ্জিত দত্তই। ৰাতুল নাথে আঁতধৰা বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ পৰা একলাখ ভোট শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাথী ৰঞ্জিত দত্তক দিয়াৰ কথা ভাষণত উল্লেখ কৰে। প্ৰাথী ৰঞ্জিত দত্তক জয়ী কৰি গহপুৰৰ সোলেঙী এয়াৰ পৰ্টৰ পৰা পোন পতিয়াকৈ প্লেনত দিল্লীলৈ পঠিয়াম বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। সভাত পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, বিজেপিৰ ৰাজ্যিক সদস্য পংকজ বৰা,বিশ্বনাথ জিলা বিজেপিৰ যুৱমৰ্চাৰ সভাপতি দেৱজিৎ বৰা, চাহ জনজাতি মৰ্চাৰ সভাপতি লাচিত পাতৰ, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ভাৰতী ভূঞা, অবিচি মৰ্চাৰ ৰাজ্যিক উপাধক্ষ্য ৰঞ্জন গগৈ, সহস্ৰাধিক দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে। উল্লেখ্য যে ৰঞ্জিত দত্তৰ এই মন্তব্যই বিজেপিৰ পঞ্চাশ বছৰ চৰকাৰ থাকিব বুলি ভাবে নেকি দত্তই এনে প্ৰশ্ন উদয় হৈছে একাংশৰ ভোটাৰৰ মাজত।

Leave A Reply