Breaking

জন্মদিনৰ উপহাৰ কোনে, কি দিব অনন্ত আম্বানীক! অনন্তৰ ২৯ সংখ্যক জন্মদিনত কি কি খুৱাব চাওক খাদ্য তালিকা…

0 19

৮ এপ্ৰিল সোমবাৰে গভীৰ নিশা মুম্বাইৰ পৰা গুজৰাটৰ জামনগৰলৈ ৰাওনা হৈছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান। জামনগৰত ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰে ছুপাৰষ্টাৰগৰাকীয়ে। মুম্বাইৰ কলিনা বিমানবন্দৰৰ পৰা ছলমান খানৰ বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত জামনগৰ বিমানবন্দৰতো দেখা গ’ল ছলমান খানক।


ছলমান খানৰ উপৰিও ইণ্টাৰনেট চেন্সেশন অৰী ওৰফে অৰহান অভ্ৰামণি (অৰী)কো বিমানবন্দৰত দেখা গৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অনন্ত আম্বানীৰ জন্মদিন উদযাপনৰ বাবেও জামনগৰলৈ যায় অৰিও। মুম্বাইৰ কলিনা বিমানবন্দৰতো অৰীক দেখা গৈছিল আৰু তেওঁক সদায়ৰ দৰেই তেওঁৰ ষ্টাইলিছ ষ্টাইলত দেখা গৈছিল। খবৰ অনুসৰি, অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু শিখৰ পাহাদিয়াও অনন্ত আম্বানীৰ জন্মদিনৰ অনুষ্ঠানত জামনগৰলৈ ৰাওনা হয়।

আপোনালোকক জনাওঁ যে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ পুত্ৰই অহা ১০ এপ্ৰিলত অতি বিশেষ আৰু আচৰিত ধৰণেৰে ২৯ সংখ্যক জন্মদিন উদযাপন কৰিব।

Leave A Reply