Breaking

ডিফুত কোনে মাৰিব শেষ হাঁহি, যোগদানৰ ৰাজনীতিৰে বিজেপিৰ শক্তি প্ৰদৰ্শন হামৰেনত…

0 15

সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলৰ মাজত ব্যাপক তৎপৰতা আৰু শক্তি প্ৰদৰ্শনৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা ৬ নং ডিফু লোকসভা সমষ্টিতো দেখিবলৈ পোৱা গৈছে শাসকীয় বিজেপি দলৰ ব্যাপক তৎপৰতা । লোকসভা নিৰ্বাচনক লৈ ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছ’, কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং, এ পি এইছ এল চি – ৰ জনচ্ ইংতি কাথাৰ, এ এছ ডি চি দলৰ জৎছন বে, গণ সুৰক্ষা পাৰ্টিৰ – বাৰ্ণাড চাংমা আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিক্ৰম হাঞ্চেকে ধৰি মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰা পৰিলক্ষিত হৈছে। অৱশ্যে কোনে মাৰিব শেষ হাঁহি সেয়া নিৰ্ণয় কৰিব অনাগত ২৬ এপ্ৰিলত ডিফু সমষ্টিৰ ভোটাৰ ৰাইজে ।

উল্লেখযোগ্য যে পুনৰ মোডী চৰকাৰ গঠনৰ লক্ষ্যৰে, উন্নয়ন আৰু বিকাশৰ শ্লোগান লৈ বিজেপিয়ে ডিফু সমষ্টিত অৰ্থাৎ কাৰ্বি পৰিষদৰ ২৬ সমষ্টিতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যই নিজৰ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে হামৰেন পৰিষদীয় সমষ্টিৰ জেংখাত হামৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপস্থিতিত কংগ্ৰেছ, এ পি এইছ এল চি আৰু এ এছ ডি চি দলৰ ৮২ পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এনে যোগদানৰ ৰাজনীতিৰে দলৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় হামৰেন সমষ্টিত মঙ্গলছিং তিমুঙে। লগতে হামৰেন সমষ্টিৰ উপৰিও সমগ্ৰ ডিফু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছ’ই বিপুল ভোটেৰে জয়লাভ কৰিব আৰু অনাগত দিনত পুনৰ কাৰ্বি আংলঙত উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰম্ভ হব বুলি দৃঢ়তাতে দাবী কৰে তিমুঙে।

Leave A Reply