Breaking

কোকৰাঝাৰ লোকসভা সমষ্টিত বি,পি,এফ দলে কাক টিকট প্ৰদান কৰিব ! প্ৰমীলা – খাম্ফ -পৃথ্বী ৰাজক দলৰ মাজত চৰ্চা…

0 22

কোকৰাঝাৰ লোকসভা সমষ্টিত বি,পি,এফ দলে কাক টিকট প্ৰদান কৰিব প্ৰমীলা – খাম্ফ -পৃথ্বী ৰাজক দলৰ মাজত চৰ্চা সমাগত লোকসভা নিৰ্বাচন ২০২৪ দিন কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে দিন অদ্যাপী ঘোষণা কৰা নাই।
তথাপি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপি ,কংগ্ৰেছ,আপ, আদিৰ লগতে ৰাজ্য সমূহৰ আঞ্চলিক দল সমূহেও নিজা নিজা দলৰ প্ৰাৰ্থীত্বৰ টিকট প্ৰদান কৰাকলৈ ব্যপক ভাবে তৎপৰ হৈ পৰিছে দলৰ হাইকামাণ্ড তথা দলীয় নেতা কর্মীৰ মাজত ।ঠিক অনুৰূপ ধৰণেৰে অসমত বিজেপি দলে নিজাববীয়াকৈ মুঠ ১৪খনকৈ আসনত ভিতৰত ১১খনকৈ আসনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ নাম ইতিমধ্যেই ঘোষণা কৰিছে।যদিও বাকী ৩খনকৈ আসন অগপ আৰু ইউ পিপি এল দলক এৰি দিছে। বাকী কংগ্ৰেছ, আপ ,বিপিএফ এ আই ইউ ডি এফ , আদি কৰি অন্যান্য ৰাজনৈতিক দল সমূহেও অহা সপ্তাহ অৰ্থাৎ ২০ মাৰ্চৰ ভিতৰত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰণিধানযোগ্য যে বিটিআৰৰ কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোক সভা সমষ্টিৰ বিপিএফ দলৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলে

আগন্তুক নিৰ্বাচনৰ বাবে তিনিজন প্ৰাৰ্থী ক্ৰমে প্ৰমিলা ৰাণী ব্ৰহ্ম, খাম্ফা বৰগয়াৰী, পৃথ্বিৰাজ দেৱ নাৰায়ণ মেচৰ নাম ইতিমধ্যে পেনেলত ৰাখিছে যদিও উক্ত লোকসভা সমষ্টিটোৰ অধীনৰ বিধানসভা সমষ্টি ক্ৰমে গোসাঁইগাও ,কোকৰাঝাৰ পূৱ,(জনজাতী সংৰক্ষিত) কোকৰাঝাৰ পশ্চিম (জনজাতি সংৰক্ষিত) ছিদলী (জনজাতি সংৰক্ষিত ) বিজনী,তামুলপুৰ ,বৰমা (জনজাতি সংৰক্ষিত) চাপাগুৰি (জনজাতি সংৰক্ষিত) আৰু নৱ গঠিত ২১ নং মানস বিধান সভা সমষ্টিত সম্প্ৰতি বি পি এফ দলৰ পৰা কোনে টিকট লাভ কৰিব তাক লৈ দলটোৰ মাজত মুকলিকৈ চৰ্চা আৰম্ভ হৈছে বুলি এক দলীয় সূত্ৰে জানিব পৰা গৈছে । উল্লেখযোগ্য যে প্ৰমীলা ৰাণী ব্ৰহ্ম য়ে বিগত লোকসভা নিৰ্বাচনত তথা বিধান সভা নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী আৰু বিটিচিৰ প্ৰাক্তন উপপ্ৰধান খাম্ফা বৰগয়াৰীয়ে বিগত পৰিষদীয় নিৰ্বাচনত চিৰাংদুৱাৰ সমষ্টিৰ পৰা পৰাভূত হৈছিল ইউ পিপি এল দলৰ হাতত ।গতিকে প্ৰমীলা অথবা খাম্ফাক দলে

টিকট প্ৰদান কৰে তেন্তে বিপিএফৰ দলৰ শক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা প্ৰকট কিয়নো দুয়োজনেও পূবতে নিৰ্বাচনত পৰাভূত হোৱা প্ৰাৰ্থী আছিল। আনহাতে বিপিএফৰ অন্য এগৰাকী প্ৰাৰ্থীত্ব প্ৰয়াসী বিটিআৰবাসীৰ জনপ্ৰিয় ,উদীয়মান যুৱক তথা ভাৰত চৰকাৰ বনাম এন ডি এফ বিৰ মাজৰ তৃতীয় বড়ো শান্তি চুক্তিকাৰীৰ মধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ। পৃথিৰাজে বিগত সময়ৰ পৰা বৰ্তমানৰ লৈকে বিপিএফ দলৰ লগতে বিটিআৰৰ বাসী জনগণৰহকে ভিন্ন সামাজিক কৰ্মৰাজিৰৰে অতি কম দিনৰ ভিতৰতে চকুৰ মণি হৈ পৰিছিল। সেই বাবেই কোকৰাঝাৰ লোক সভা (জনজাতি সংৰক্ষিত) সমষ্টিৰ অধীনস্থ মুঠ দহটাকৈ বিধান সভা সমষ্টিৰ ভিতৰতে কোকৰাঝাৰ পূৱ, কোকৰাঝাৰ পশ্চিম,ছিদলী, বিজনী আদিকে কৰি আঠটাকৈ সমষ্টিতে দলীয় কৰ্মীৰ মাজত পৃথিৰাজৰ নামটো বহুত ভাৱে চৰ্চিত হৈছে মুকলিকৈ।অন্য হাতে বিপিএফৰ হাইকামাণ্ডে আগন্তুক কোকৰাঝাৰ লোক সভা (জনজাতি সংৰক্ষিত) সমষ্টিত প্ৰমীলা, খাম্ফা আৰু পৃথ্বিৰাজৰ ভিতৰত কাক টিকট প্ৰদান কৰিব সেয়া সময়তহে লক্ষ্যনীয় হৱ।

Leave A Reply