Breaking

‘পুষ্পা ২’ৰ পোষ্টাৰত কিয় নাৰীৰ ৰূপত আল্লু অৰ্জুন! ইয়াৰ কাৰণ দুটা…

0 105

‘পুষ্পা ২’ৰ পোষ্টাৰত কিয় নাৰীৰ ৰূপত দেখা গৈছে আল্লু অৰ্জুনে, কাৰণ জানিলে আচৰিত হ’ব…!অতি সোনকালে আল্লু অৰ্জুনক দেখা যাব ‘পুষ্পা ২’ ছবিত। ছবিখনৰ পোষ্টত আল্লু অৰ্জুনে এগৰাকী মহিলাৰ ৰূপ লৈছে, ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে জানেনে? শেহতীয়াকৈ দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে ‘পুষ্পা’ ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ অভিনয় সকলোৱে ভাল পাইছিল। পুষ্পাৰ চৰিত্ৰৰ বাবে খ্যাতি লাভ কৰা আলু অৰ্জুনৰ আহি আছে এই ছবিখনৰ দ্বিতীয় খণ্ড পুষ্পা ২, ইতিমধ্যে ছবিখনৰ পোষ্টাৰ মুক্তি পাইছে।

পুষ্পা ২ৰ পোষ্টাৰত আল্লু অৰ্জুনক এক নতুন ৰুপত দেখা গৈছে। ইয়াৰ কাৰণ দুটা, প্ৰথম কাৰণটো হৈছে তিৰুপতিত অনুষ্ঠিত এক পৰম্পৰা হিচাপে পৰিগণিত হোৱা চিনেমাখনত গংগাম্মা তল্লী জাথাৰাত অংশগ্ৰহণ কৰিব পাৰে। ইয়াত পুৰুষে মহিলাৰ দৰে কাপোৰ পিন্ধে। দ্বিতীয় কাৰণটো হ’ল পুষ্পাৰ বেশত পুলিচৰ পৰা পলায়নৰ চেষ্টা কৰিছে কাৰণ তেওঁ এই ছবিখনৰ প্ৰচাৰ অভিযানো ‘ক’ত আছে পুষ্পা’ হেচটেগেৰে চলাইছিল। আল্লু অৰ্জুন বা নিৰ্মাতাসকলে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই; হয়তো অনুৰাগীয়ে ট্ৰেইলাৰ আৰু ছবিখনৰ বাবে অপেক্ষা কৰিব লাগিব।

এই কাৰণ দুটাৰ বাবেই হয়তো আল্লু অৰ্জুনক পুষ্পা২ ত মহিলাৰ বেশত দেখা গৈছে।

Leave A Reply