Breaking

ৰাহাৰ জন্মৰ পিছত কিয় থেৰাপীৰ প্ৰয়োজন হৈছিল আলিয়া ভাটক…

0 3,741

ভাইৰেল হৈ পৰিছে আলিয়া ভাটৰ এটা পুৰণি সাক্ষাৎকাৰ, য’ত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মানসিক স্বাস্থ্যৰ কথা কৈছিল। বলীউডৰ অভিনেত্ৰী আলিয়া ভাট নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সন্দৰ্ভত প্ৰায়ে লাইমলাইটৰ অংশ হৈয়েই থাকে। ২০২২ চনত কন্যা ৰাহাৰ জন্মৰ পাছত আলিয়া ভাটে কৰ্মজীৱন আৰু মাতৃত্বৰ মাজত সুন্দৰ ভাৰসাম্য ৰক্ষা কৰিছে। কিন্তু আপুনি জানেনে যে ৰাহা কাপুৰৰ জন্মৰ পিছত অভিনেত্ৰী আলিয়া ভাটে থেৰাপী ল’বলগীয়া হৈছিল।


২০২৩ চনত আলিয়া ভাটে এক সাক্ষাৎকাৰ দিছিল। এই সাক্ষাৎকাত নতুন মাতৃ হিচাপে আলিয়া ভাটে কৈছিল যে কন্যা ৰাহাৰ জন্মৰ পিছত প্ৰতি সপ্তাহত তেওঁ থেৰাপীৰ ক্লাছলৈ গৈছিল আৰু থেৰাপীৰ পিছত তেওঁ নিজৰ বহু পৰিৱৰ্তন দেখিছিল। আলিয়াই কয়, ‘তেওঁ কেনেকৈ একেলগে পেছাদাৰী আৰু মাতৃত্বৰ কৰ্তব্য পৰিচালনা কৰিবলৈ সক্ষম হয়, এই সকলোবোৰ নিৰ্ভৰ কৰে তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত।’ আলিয়াই সাক্ষাৎকাৰত আৰু কৈছিল- ‘তেওঁ সদায় ভাবিছিল যে মানুহে কি ভাবিব, তেওঁলোকে ভাবিবনে যে মই সকলো ভালদৰে পৰিচালনা কৰিব পাৰিছোঁ বুলি। কিন্তু আপোনাৰ কথা কোনেও নাভাবে। আপুনি নিজৰ বিষয়ে সমালোচনাত্মক হৈ পৰে।’


Leave A Reply