Breaking

১০০ কোটি টকা খৰচেৰে বিয়া পাতি কিয় প্ৰকৃত নাম লুকুৱাই ৰাখিছিল বিৰাট-অনুষ্কাই, বিৰাট হৈ পৰিছিল ৰাহুল…

0 84

বিৰুষ্কা বাৰ্ষিকীঃ ২০১৭ চনত অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ বিবাহ হয়। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী আজিৰ সময়ৰ এক শক্তি দম্পতী। দুয়োৰে বিবাহৰ ৬ বছৰ হ’ল। ২০১৭ চনৰ ১১ ডিচেম্বৰত দুয়োৰে বিবাহ হয়। এসময়ত গোপনে ভালপোৱা বিৰুষ্কাইও নিজৰ বিবাহক গোপনে ৰাখিছিল। ভাৰতৰ পৰা বহু দূৰৈত ইটালীৰ টাস্কানীতহোৱা এই বিবাহক গোপন কৰি ৰাখিবলৈ অনুষ্কা আৰু বিৰাটে বহুত চেষ্টা কৰিছিল।


বিয়াৰ পিছত অনুষ্কা শৰ্মাই নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে বিবাহৰ প্ৰস্তুতি আৰু সবিশেষ লুকুৱাবলৈ তেওঁ আনকি ৰিজ’ৰ্টৰ কৰ্মচাৰীৰ পৰাও নিজৰ প্ৰকৃত নামটো লুকুৱাই ৰাখিছিল। বিৰাট কোহলীক ৰাহুল বুলি কোৱা হৈছিল। আচলতে দুয়োজনে বিচাৰিছিল এনেকুৱা এখন পাৰিবাৰিক বিয়া যিখন তেওঁলোকৰ মাজতে সীমাবদ্ধ হৈ থাকে আৰু চেলিব্ৰিটিৰ বিয়াৰ দৰে নহয়। এই কাৰণেই এই বিবাহ ইটালীৰ টাস্কানীৰ ৮০০ বছৰীয়া ভিলাত হৈছিল আৰু মাত্ৰ ৪২ জন লোকৰ উপস্থিতিত হৈছিল।

কোৱা হয় যে অনুষ্কা বিৰাটৰ বিয়া হোৱা টাস্কানীৰ বৰ্গো ৰিজৰ্টখন শীতকালত বন্ধ হৈ থাকে। সেই সময়ত ইয়ালৈ কোনো পৰ্যটক নাহে যদিও বিশেষভাৱে বিৰুষ্কাৰ বিয়াৰ বাবে মুকলি কৰা হৈছিল। যেতিয়া এই বিবাহ হৈছিল তেতিয়া তাত আন কোনো অতিথি নাছিল। সেয়ে দুয়োজনে মুকলিকৈ নিজৰ বিবাহ উপভোগ কৰিছিল। তেওঁলোকৰ বিয়াত ১০০ কোটি টকা খৰচ হৈছিল।

Leave A Reply