Breaking

‘ইমান সোনকালে কিয় বিয়া পাতিলে?’ ছানিয়া-শ্বোৱেইবক প্ৰশ্ন শ্বাহৰুখ খানৰ…

0 24

হঠাতে এটা পুৰণি ভিডিঅ’ পুনৰ চৰ্চা। তাত শ্বাহৰুখৰ প্ৰশ্নৰ উত্তৰ শ্বোৱেইবে ভাল নাপালে। কি ক’লে পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে? ছানিয়াৰ উত্তৰ কি আছিল?শ্বাহৰুখ খানে ছানিয়া মিৰ্জা আৰু শ্বোৱেইব মালিকক সুধিলে। বলীউডৰ তাৰকাগৰাকীৰ প্ৰশ্ন আছিল, কিয় বিয়া পাতিলে? হঠাতে পুৰণি ভিডিঅ’টো পুনৰ উত্থাপন হ’ল।

২০ জানুৱাৰীত শ্বোৱেইবে হঠাতে তেওঁৰ আৰু ছানা জাভেদৰ বিবাহৰ খবৰ ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছিল। পিছত ছানিয়াৰ পৰিয়ালেও প্ৰকাশ কৰে যে ভাৰতীয় টেনিছ তাৰকা আৰু শ্বোৱেইবৰ কিছুমাহ পূৰ্বে বিচ্ছেদ হৈছিল। ২০১০ চনত ছানিয়া আৰু শ্বোয়াইবৰ বিবাহ হয়। সেই বছৰৰ জানুৱাৰী মাহত দুয়োৰে লগ হৈছিল। এপ্ৰিল মাহত তেওঁলোকৰ বিয়া হৈছিল। এটা অনুষ্ঠানত শ্বাহৰুখে ছানিয়া আৰু শ্বোৱেবক সুধিলে, “ইমান সোনকালে কিয় বিয়া পাতিলে?” এই প্ৰশ্নৰ উত্তৰত ছানিয়াই হাঁহি হাঁহি ক’লে, “শ্বোবৰ বহু গুণ আছে। কিন্তু সি বৰ লাজ লগা। বেছি কথা নাপাতিবা।” ইয়াৰ পিছত ছানিয়াই শ্বাহৰুখক ক’লে, “আপুনি তেওঁক অলপ কথা ক’বলৈ শিকাব।” শ্বাহৰুখেও শ্বোৱেইবক একেটা প্ৰশ্নই সুধিছিল।

Leave A Reply