Breaking

শ্বাহৰুখ খানে কিয় নাৰাখিলে শুভমানক কলকাতা নাইট ৰাইডাৰ্ছত! ক’লে সকলো কথা শুভমানে…

0 54

শুবমান গিলে এসময়ত কলকাতা নাইট ৰাইডাৰ্ছত শক্তিৰে খেলিছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কেকেআৰ এৰি যোৱাৰ বিষয়টোৰ সন্দৰ্ভত ক’লে বহু কথা। ২০১৮ চনৰ পৰা ২০২১ চনলৈ চাৰি বছৰ কেকেআৰত আছিল শুভমান। ভাৰতীয় ক্ৰিকেটে তাৰ পৰাই শুভমানক চিনি পাই। হঠাৎ ২০২২ চনৰ নিলামৰ পূৰ্বে শুভমানক এৰিলে কলকাতাই। শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই বিষয়টো উত্থাপন কৰা হৈছিল। তেতিয়া শুভমানে প্ৰশ্নকাৰীক সেই উত্তৰ পাবলৈ কি ক’লে জানো আহক।

সাক্ষাৎকাৰটোত শুভমানে ক’লে সেই উত্তৰ পাবলৈ শ্বাহৰুখ খানৰ সৈতে যোগাযোগ কৰিব। আনহাতে বিখ্যাত গায়ক এড শ্বীৰানে যোৱা মাহত মুম্বাইত কণ্ঠদান কৰিবলৈ আহিছিল। সেই সময়ত তেওঁ গুজৰাট টাইটানছৰ দলৰ সৈতে কিছু সময় কটায়। শুভমান আৰু কমেডিয়ান তন্ময় ভাট সেই আড্ডাত আছিল। সেই কথা-বতৰাত শ্বীৰানে ক’লে, “আজি ৰাতি মই শ্বাহৰুখৰ ঘৰলৈ যাম।” শুভমানে উত্তৰ দিলে, “মই আগতে তেওঁৰ দলৰ হৈ খেলিছিলো।” শ্বীৰানে আচৰিত হৈ ক’লে, “তেনেকুৱা নেকি! তাৰো পাৰ্টি আছে নেকি?” এই প্ৰশ্নৰ উত্তৰ দিলে তন্ময়ে। তেওঁ ক’লে, “হয় আছে। কলকাতা নাইট ৰাইডাৰ্ছ।” ইয়াৰ পিছত শুভমানে ধেমালিতে ক’লে, “যা আৰু সুধিবি যে তেওঁ মোক কিয় ধৰি নাৰাখিলে।” ইয়াৰ পিছত সকলোৱে হাঁহিবলৈ ধৰিলে।

২০১৮ চনৰ মেগা নিলামত কেকেআৰে ১.৮০ কোটি টকাত ক্ৰয় কৰিছিল শুভমানক। শুবমানে মাত্ৰ দেশৰ হৈ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰিছে। শুভমানে চাৰি বছৰত কেকেআৰৰ হৈ ৫৮খন মেচ খেলিছিল। ১৪১৭ ৰান সংগ্ৰহ কৰে। এইবাৰ তেওঁ গুজৰাটৰ অধিনায়ক।

Leave A Reply