Breaking

আপোনাৰ মা এতিয়াও আপোনাৰ সৈতেই থাকে কিয় ! সাংবাদিকৰ এই প্ৰশ্নত কি উত্তৰ দিছিলে ক্রিষ্টিয়ানো ৰোনাল্ডোই…

0 42

সাংবাদিক এজনে ক্রিষ্টিয়ানো ৰোনাল্ডোক সুধিছিল-

আপোনাৰ মাক এতিয়াও আপোনাৰ সৈতেই থাকে কিয়?আপুনি দেখোন মানুহক মিলিয়ন মিলিয়ন ডলাৰ সাহায্য দিয়ে, তেনেহ’লে আপুনি কিয় আপোনাৰ মাৰ কাৰণে ঘৰ এখন বনাই নিদিয়ে?

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক্ৰিষ্টিয়ানো ৰোনাল্ডোই কৈছিল-

মোৰ মায়ে মোক বহুত কষ্ট কৰি ডাঙৰ-দীঘল কৰিছে আৰু তেখেত মোৰ কাৰণে নিজৰ জীৱনটোও দিবলৈ প্ৰস্তুত আছিল।তেখেত কেৱল মোৰ খাদ্য সংগ্ৰহ কৰিবলৈ কেতিয়াবা ভোকাতুৰ হৈও টোপনি গৈছিল। আমাৰ কোনো টকা,পইচা,ধন-সম্পত্তি নাছিল। মই মোৰ প্রথম বুট কিনিবলৈ ৭ দিন একেৰাহে দিনে আৰু ৰাতি ক্লিনাৰৰ কাম কৰিছো, যাতে মই এজন খেলুৱৈ হব পাৰো।

মোৰ সকলো সফলতা তেখেতলৈ উৎসৰ্গ কৰিছো আৰু মোক মৰম সহিতে মানুহৰ দৰে মানুহ বনোৱাৰ কাৰণে তেখেতক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু জীয়াই থকালৈকে মই সদায় বিচাৰো,তেখেত যাতে মোৰ কাষতেই থাকে।ধন সম্পত্তি অৰ্থৰে একোৱে নহয়। মই তেখেতক যি দিব পাৰো,সকলো তেখেতৰ আছেই। কিন্তু সন্তানৰ ভালপোৱা যত্ন সেৱাতকৈ ডাঙৰ আৰু কিনো হব পাৰে? পৃথিৱীখনত তেখেতেই মোৰ সকলোতকৈ ডাঙৰ আশ্ৰয়স্থল আৰু সৃষ্টিকৰ্তাৰ ফালৰ পৰা এয়া এক ডাঙৰ উপহাৰ।.

লেখিকা – শৰ্মিষ্ঠা কলিতা

Leave A Reply