Breaking

কিয় অমৃতপল সিঙক পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ অনা হৈছে? অমৃতপল সিং কোন জানেনে…

0 189

অমৃতপল সিং কোন? অমৃতপল সিঙক পঞ্জাৱ আৰক্ষীয়ে ধৰা পৰাৰ পিছত ডিব্ৰুগড় কাৰাগাৰললৈ অনা হৈছে। কিছু সপ্তাহ পূৰ্বে খালিস্তানী সমৰ্থকজনে গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ ভাবুকি দিছিল। ইয়াৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক দিল্লীত গৃহ মন্ত্ৰালয়ে মাতি আনিলে। ইয়াৰ পিছত পঞ্জাৱ আৰক্ষীয়ে অমৃতপল সিং নেটৱৰ্কত ব্যাপক দমন আৰু মেনহাণ্ট আৰম্ভ কৰিছিল আৰু ‘ৱাৰিছ পঞ্জাব দে’ৰ ৭৮জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।অমৃতপল সিঙে ‘ৱাৰিছ পঞ্জাব দে’ নামৰ এটা সংগঠনৰ নেতৃত্ব দিয়ে।

এতিয়া এই বিষয়টোৱে পঞ্জাৱৰ পৰা অসমলৈ নিজৰ গতিপথ স্থানান্তৰিত কৰিছে কাৰণ অমৃতপাল আৰু তেওঁৰ একাংশ সহযোগীক অধিক তদন্তৰ বাবে ডিব্ৰুগড়লৈ অনা হৈছে।পঞ্জাৱৰ জলন্ধৰৰ নাকোদাৰৰ পৰা আটক কৰা পাছতেই পঞ্জাৱত সৃষ্টি হৈ আছে উত্তপ্ত পৰিস্থিতি।অমৃতপলৰ সৈতে আন ৬ জন অভিযুক্তকো লৈ অনা হৈছে ডিব্ৰুগড়লৈ।

Leave A Reply