Breaking

বিহুৰ সময়ত কিয় ব্য়ৱহাৰ কৰা হয় জাতিলাউ ?

0 51

জাতিলাউ এবিধ ঔষধি গুণ সম্পন্ন পাচলি। যিবিধ পাচলি গাঁৱৰ অঞ্চলৰ প্ৰত্যেক ঘৰৰ বাৰীতে দেখিবলৈ পোৱা যায়।

বজাৰৰ সকলো সময়তে এইবিধ পাচলি উপলব্ধ হয় যদিও উৎপাদনৰ উপযুক্ত সময় মাঘ ফাগুন সময়ছোৱা বুলি ধৰা হয়।

জাতিলাউৰ গঠন, ৰূপ, আৰু সোৱাদ অতুলনীয়।

সামগ্ৰিকভাৱে ১০০ গ্ৰাম জাতিলাউত পোৱা পুষ্টি উপাদানবোৰ হ’ল- পানী(৯৬ গ্ৰাম), আঁহ(০.৬ গ্ৰাম), কাৰ্বহাইড্ৰেট(২.৫ গ্ৰাম), প্ৰ’টিন(০.২ গ্ৰাম), চৰ্বি(০.১ গ্ৰাম), কেলছিয়াম(২০ মিলিগ্ৰাম), মেগনেছিয়াম(৫.০ মিলিগ্ৰাম), আইৰণ(০.৭ মিলিগ্ৰাম), পটাছিয়াম(৮৭ মিলিগ্ৰাম), ছডিয়াম(১.৮ মিলিগ্ৰাম), ক’পাৰ(০.৫ মিলিগ্ৰাম), ছালফাৰ(১০.০ মিলিগ্ৰাম), ভিটামিন এ(১৬ আই ইউ), বি১(০.০৩ মিলিগ্ৰাম), বি২(০.০১ মিলিগ্ৰাম), বি৩(০.২ মিলিগ্ৰাম), চি(৬.০ মিলিগ্ৰাম) আৰু শক্তি(১২ কেলৰি)।

জাতিলাউৰ কেইটামান ঔষধি গুণ-

জাতিলাওৰ ৰস পদিনাৰ পাত আৰু ধনিয়া পাতৰ ৰসৰ লগত মিলাই খালে মধুমেহ ৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

জাতিলাউত ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে।

জাতিলাউ খালে দেহ শীতল হয়।

জাতিলাউ পেতৰ সমস্যাৰ বাবে বৰ উপকাৰী।

জাতিলাৱে মানসিক চাপ উপশম কৰাত সহায় কৰে।

কফ নিবাৰকৰ ক্ষেত্ৰত জাতিলাউৱে সহায় কৰে।

বিঃদ্ৰঃ ওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

Leave A Reply