Breaking

শচীনৰ কন্যা ছাৰা টেণ্ডুলকাৰে বাৰ্গাৰ, পিজ্জা, আইচক্ৰীম খোৱাৰ পিছতো ইমান ফিট কিয়? এই ফিটনেছৰ ৰহস্য কি…

0 96

শচীনৰ কন্যা ছাৰা টেণ্ডুলকাৰে বাৰ্গাৰ, পিজ্জা, আইচক্ৰীম খোৱাৰ পিছতো ইমান ফিট কিয়? এই ফিটনেছৰ ৰহস্য কি…? ফিটনেছৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা কোনো নায়িকাৰ তুলনাত কম নহয়। ছাৰাই শৰীৰটো ফিট কৰি ৰাখিবলৈ বহুত কষ্ট কৰে। ছাৰাৰ বয়স ২৫ বছৰ। ইনষ্টাগ্ৰামত তেওঁৰ ফিটনেছক লৈ ব্যাপক চৰ্চা। নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ছাৰাই উপযুক্ত খাদ্য খাদ্য গ্ৰহণ কৰে আৰু স্বাস্থ্যসন্মত ৰুটিন মানি চলে।

শৰীৰটো ফিট কৰি ৰাখিবলৈ ছাৰাই দৈনিক জিম ৱৰ্কআউট কৰে। জিমত ছাৰাই হাই ইনটেনচিটি ট্ৰেইনিং, ওজন ট্ৰেইনিং আৰু ফাংচনেল ট্ৰেইনিং কৰে। ২৫ বছৰীয়া ছাৰাইও বহুবাৰ মাৰাথনত অংশগ্ৰহণ কৰিছে। দৌৰি বহুত ভাল পায় ছাৰাই। জিম ৱৰ্কআউট আৰু দৌৰাৰ উপৰিও ছাৰাই যোগাসন কৰিও ভাল পায়। নিজকে সুস্থ কৰি ৰাখিবলৈ ছাৰাই সদায় স্বাস্থ্যকৰ খাদ্য খায়।

ছাৰাৰ খাদ্য খাদ্য তালিকাত গোটা শস্য, সেউজীয়া শাক-পাচলি, কণী, দৈ, চাউল, মগু, চূপ আৰু শুকান ফল আদি অন্তৰ্ভুক্ত কৰে। স্বাস্থ্যকৰ খাদ্যৰ লগতে কেতিয়াবা আইচক্ৰীম, বাৰ্গাৰ, পিজ্জা আৰু নুডলছও খায়।কিন্তু সেইবোৰ খোৱাৰ পিছত ছাৰাই সঠিকভাৱে ৱৰ্কআউটও কৰে, যাৰ বাবে এই খাদ্যৰ প্ৰভাৱে শৰীৰত ইমান প্ৰভাৱ পেলাব পৰা নাই। ছাৰাই কফি খাইও ভাল পায়। দিনটোত দুবাৰকৈ কফি খায় ছাৰাই।

দৈনিক স্বাস্থ্য সন্মতৰ খাদ্য খালে লগতে দৈনিক শৰীৰৰ সঠিক অনুশীলন কৰিলে সুস্থ হৈ থাকিব পাৰিব প্ৰতিজন ব্যক্তি।

Leave A Reply