Breaking

আম খোৱাৰ পূৰ্বে পানীত কিয় তিয়াই ৰাখিব লাগে? আম পানীত কিমান দেৰি তিয়াই ৰাখিব জানি লওক…

0 52

পকা আম খাবলৈ যিমানেই মন নকৰক কিয়, খোৱাৰ পূৰ্বে সদায় কিছু সময় পানীত তিয়াই থ’ব লাগে আম। মিঠা পকা আম গৰমৰ বতৰৰ খাবলৈ বৰ সোৱাদ। কেৱল পকা আমৰ সোৱাদ ল’বলৈহে বেছিভাগ মানুহেই গৰমৰ দিনবোৰলৈ যেন অপেক্ষা কৰে। কিন্তু আচহুৱা কথাটো হ’ল আম খোৱাৰ আগতে পানীত তিয়াই থ’ব লাগে, ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। আম পানীত তিয়াই ৰখাটো কিয় প্ৰয়োজন আৰু আম কিমান দেৰি পানীত ৰাখিব লাগে জানো আহক-

আয়ুৰ্বেদ বিশেষজ্ঞসকলে পকা আম খোৱাৰ আগতে ১ৰ পৰা ২ ঘণ্টা বিশুদ্ধ পানীত তিয়াই ৰাখিবলৈ পৰামৰ্শ দিয়ে। কিন্তু যদি সময়ৰ অভাৱ হয় তেন্তে আম ২০-৩০ মিনিট পানীত ৰখাৰ পিছতো খাব পাৰি।


আম পানীত তিয়াই থ’লে আমত থকা অতিৰিক্ত ফাইটিক এচিড আঁতৰি যায়। ই এক প্ৰকাৰৰ এন্টি-নিউট্ৰিয়েণ্ট যিয়ে শৰীৰে কিছুমান খনিজ পদাৰ্থ যেনে আইৰণ, জিংক, কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ শোষণ কৰাত বাধা দিয়ে যাৰ ফলত খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে।

তিয়াই থোৱা আম খোৱাটোৱেও ব্ৰণ, ছালৰ সমস্যা, মূৰৰ বিষ, কোষ্ঠকাঠিন্য আৰু অন্যান্য স্বাস্থ্য সমস্যা ৰোধ কৰাত সহায় কৰে।


Leave A Reply