Breaking

সূতাৰপাৰাত পকী -পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম ,ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ….

0 86

অভিযোগ অনুসৰি গোৱালপাৰা জিলাৰ মাটিয়াৰ পৰা শিমলিতোলালৈ যোৱা (এ.এছ-০৭-৪০৫)পে কেজ নম্বৰৰ পথটি নিৰ্মাণৰ দুই মাহ সম্পূৰ্ণ নোহোৱতেই বিভিন্ন ঠাইত ব্লেক টুপিং বোৰ বখলা-বখলে উঠি যোৱাত ৰাইজ অতিষ্ঠ হৈ পৰিছে।
নিম্নমানৰ কামৰ বাবেই ভৰিৰে গচকিলে উঠি যায় ব্লেক টপিং ।

বাইক বা গাড়ী আদিৰ ব্ৰেক মাৰিলেও চকাৰ লগত উঠি আহে কাৰ্পেটিং।যাৰ ফলত মাজে সময়ে সংঘটিত হয় দূৰ্ঘটনা।জয়ন্তী কন্ট্ৰাক্টৰচ & ইঞ্জিনিয়াৰ লিমিটেডে অতি নিম্নমানৰ কাম কৰাৰ লগতে ৰাস্তাটোৰ ছাইট বামৰ কামো ভালকৈ নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বাৰাম্বাৰ বিভাগীয় কতৃপক্ষ তথা ঠিকাদাৰক অৱগত কৰিও নাপালে হেনো সুফল।উপায়ন্তৰ হৈ ৰাস্তাৰ মাজতে লোক নিৰ্মাণ বিভাগ তথা ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে।

প্ৰশ্ন হয় স্বয়ং মূখ্যমন্ত্ৰীৰ হাতত থকা লোক- নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজে কৰা এনে প্ৰতিবাদে বিভাগীয় কতৃপক্ষৰ গা লৰিব নে?এনেদৰে একাংশ ঠিকাদাৰে চলাই যাব লুণ্ঠন।সেয়া হে হ’ব লক্ষণীয়!!

Leave A Reply