Breaking

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল স্বামীসহ পৰিয়ালৰ দহজন লোকে লাভ কৰিলে আঁচনিৰ ধন

0 114

দৰং

দৰঙত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আঁচনিত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে৷ কৃষাণ সন্মান নিধি আঁচনিখনৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰায়েই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূল লক্ষ্য। কিন্তু এই আঁচনিখনত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সংঘটিত হল ব্যাপক দুৰ্নীতি৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অনিয়মক লৈ ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে সকীয়নি প্ৰদান কৰাৰ সময়তে দৰঙৰ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ স্বামী চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো এই আঁচনিৰ ধন লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াকে লৈ দৰঙত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ শাসকীয় দলৰ জনপ্ৰতিনিধি হোৱা হেতুকে স্বামীয়ে লাভ কৰিলে আঁচনিৰ ধন৷ অভিযোগ অনুসৰি ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰামগাঁৱৰ  শিক্ষক  গজেন্দ্ৰ কলিতাৰ পত্নী নিলিমা কলিতা ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীনগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নিলিমা কলিতাৰ স্বামী চৰকাৰী চাকৰিয়াল৷ তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনি ধন পাবলৈ সক্ষম হোৱাৰ লগতে সদস্যাগৰাকীৰ স্বামীৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতা, আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বীতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ ১০ গৰাকী সদস্যৰ নাম তালিকাভুক্ত হৈছে। আনহাতে গাঁওখনৰ যথেষ্ট সংখ্যক প্ৰকৃত কৃষকৰ নাম তালিকাত নথকাত বিষয়টোৱে আমুদৰ সৃষ্টি কৰাৰ লগতে প্ৰকৃত কৃষকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। পিছে তদন্তৰ আওতালৈ আহিবনে এই সকল জনপ্ৰতিনিধিৰ কাণ্ডৰ? কৃষকৰ আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালে লাভ কৰিলে দুগুন বৃদ্ধি পাবনে কৃষকৰ আয়? সেয়া হ’ব লাখ টকীয়া প্ৰশ্ন৷

Leave A Reply