Breaking

অষ্ট্ৰেলিয়াত পত্নীক হত্যা ! মৃতদেহ ডাষ্টবিন লুকুৱাই ৰাখি সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল স্বামী…

0 54

অষ্ট্ৰেলিয়াত পত্নীক হত্যা, মৃতদেহ ডাষ্টবিন লুকুৱাই ৰাখি সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল স্বামী

এক লোমহৰ্ষক ঘটনা ঘটিছে অষ্ট্ৰেলিয়াত । দেশ খনত এগৰাকী ভাৰতীয় মহিলাক হত্যা কৰি সন্তানৰ সৈতে হায়দৰাবাদলৈ পলাই আহিল স্বামী। জানিব পৰা মতে হত্যাকাৰী লোকজনে তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল আৰু পুত্ৰৰ সৈতে ভাৰতলৈ পলাই আহিছিল। উল্লেখ্য হায়দৰাবাদৰ বাসিন্দা ৩৬ বছৰীয়া চৈতন্য মাধাগানীৰ মৃতদেহ শনিবাৰে অষ্ট্ৰেলিয়াৰ বাক্লি চহৰৰ পথৰ কাষৰ ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰা হয়।
হায়দৰাবাদৰ উপ্পল অঞ্চলৰ বাসিন্দা চৈতন্যই তেওঁৰ স্বামীৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰিছিল।

৯ মাৰ্চত অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে উইনচেলচিয়াৰ ওচৰৰ বাক্লিত এগৰাকী ভাৰতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানে প্ৰমাণ কৰিছে যে হত্যাকাৰী মহিলাগৰাকীৰেই স্বামী আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে হত্যাৰ পিছত মৃতদেহটো ৰাস্তাৰ কাষৰ ডাষ্টবিনত লুকুৱাই ৰাখিছিল আৰু ভাৰতলৈ পলাই গৈছিল। অৱশেষত প্ৰমাণ হৈছে যে অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ দাবী মিছা নহয়। অভিযুক্ত লোকজনে হায়দৰাবাদলৈ পলাই

আহিছিল আৰু পুত্ৰক তেওঁৰ শহুৰেকৰ হাতত গতাই দিছিল। স্থানীয় বিধায়ক ভাণ্ডাৰী লক্ষ্মৰেড্ডীয়ে কৈছে যে মৃত মহিলাগৰাকী তেওঁৰ এলেকাৰ বাসিন্দা আছিল। হত্যাৰ খবৰ পোৱাৰ পিছত তেওঁ তেওঁৰ মাক-দেউতাকক লগ ধৰিছে আৰু পৰিয়ালটোৰ অনুৰোধত তেওঁ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ মৃতদেহটো ঘূৰাই আনিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ লিখিছে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই বিষয়ে অৱগত হৈছে। মৃতকৰ পিতৃ-মাতৃয়ে দিয়া তথ্য অনুসৰি, জোঁৱায়েকে তেওঁলোকৰ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

Leave A Reply